App-Based Scam Case: ৩০ হাজাৰ লোকৰ পৰা প্ৰবঞ্চনাৰে ৫০০ কোটি টকাৰ লুণ্ঠন; লুণ্ঠনৰ আঁৰত ইউটিউবাৰ,জনপ্ৰিয় অভিনেত্ৰী !

নতুন দিল্লী, ৩ অক্টোবৰ: ভূৱা বিত্তীয় মবাইল এপৰ দ্বাৰা বিনিয়োগকাৰীৰ পৰা প্ৰায় ৫০০ কোটি টকাৰ লুণ্ঠনৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত ইউটিউবাৰ এলভিছ যাদৱ(Delhi Police summoned Elvish Yadav) আৰু কৌতুকশিল্পী ভাৰতী সিঙকে(Comedian Bharti Singh summoned) ধৰি আন তিনিজন লোকলৈ দিল্লী আৰক্ষীয়ে চমন জাৰি কৰিছে(App-Based Scam Case)। দিল্লী আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া অনুসৰি, “HIBOX” নামৰ এটা ভুৱা ম’বাইল এপ্লিকেচনৰ জড়িয়তে গ্ৰাহকৰ পৰা প্ৰবঞ্চনাৰে বৃহৎ পৰিমানৰ ধন লুণ্ঠনৰ অভিযোগৰ সন্দৰ্ভত চমন জাৰি কৰা হৈছে(500 Crore Investment Fraud)। ইতিমধ্যে ৫০০ৰো অধিক লোকৰ পৰা আৰক্ষীয়ে অভিযোগ পাইছে, য’ত বহু ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ব্যক্তিয়ে এই এপটোক প্ৰচাৰ কৰি লোকসকলক বিভিন্ন প্ৰলোভনেৰে বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিছিল ।

এই কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ইউটিউবাৰ সৌৰভ যোশী, অভিষেক মালহান, পুৰৱ ঝা, এলভিছ যাদৱ, ভাৰতী সিং, হৰ্ষ লিম্বচিয়া, লক্ষ্য চৌধুৰী, আদৰ্শ সিং, অমিত আৰু দিলৰাজ সিঙ ৰাৱতৰ লগতে আন কেইবাজনকো জেৰাৰ বাবে চমন জাৰি কৰিছে ।

কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড শিৱৰামক গ্ৰেপ্তাৰ:

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, বৃহৎ পৰিমানৰ এই বিত্তীয় কেলেংকাৰীৰ মূল অভিযুক্ত চেন্নাই নিবাসী শিৱৰাম (৩০)ক গ্ৰেপ্তাৰ কৰা হৈছে। IFSO ইউনিটে ইতিমধ্যে অভিযুক্তৰ চাৰিটা বেংক একাউণ্টত থকা ১৮ কোটি টকা জব্দ কৰিছে। এই ভুৱা এপ্লিকেচনটোৰ জড়িয়তে অভিযুক্তই বিনিয়োগকাৰীক গেৰাণ্টীৰে অধিক লাভৰ প্ৰলোভন দেখুৱাইছিল। বিগত ১৬ আগষ্টত আৰক্ষীয়ে IFSO (Intelligence Fusion and Strategic Operations)ত HIBOX নামৰ এপ্লিকেচনটোৰ বিৰুদ্ধে ২৯ গৰাকী ভোক্তভোগীৰ পৰা অভিযোগ পাইছিল।

৩০ হাজাৰৰো অধিক লোকৰ পৰা চলাইছিল লুণ্ঠন

দিল্লী আৰক্ষীৰ এগৰাকী ডিচিপিয়ে জানিবলৈ দিয়া অনুসৰি, এই এপ্লিকেচনৰ যোগেদি অভিযুক্তই প্ৰতিদিনে ১ ৰ পৰা ৫ শতাংশ আৰু মাহিলী ৩০ ৰ পৰা ৯০ শতাংশ লাভৰ গেৰাণ্টিৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত এই এপটো মুকলি কৰা হৈছিল আৰু ৩০ হাজাৰৰো অধিক লোকে তাত ধন বিনিয়োগ কৰিছিল। আৰম্ভণিৰ পাঁচ মাহৰ ভিতৰৰ সময়চোৱাত বিনিয়োগকাৰীয়ে ভালেই লাভ পাইছিল।

কিন্তু, জুলাই মাহৰ পৰা এই এপটোৱে বিভিন্ন প্ৰযুক্তিগত সমস্যা, আইনগত সমস্যা আৰু GST সম্পৰ্কীয় সমস্যাৰ বাহানাৰে পেমেণ্ট বন্ধ কৰি দিয়ে। অভিযোগকাৰীসকলে অভিযোগ কৰিছে যে, তেওঁলোকক বিনিয়োগৰ ওপৰত উচ্চ হাৰত লাভৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। ২০ আগষ্টত দিল্লী আৰক্ষীৰ এটা বিশেষ চেলে ভাৰতীয় ন্যায়িক সংহিতাৰ বিভিন্ন ধাৰা আৰু তথ্য প্ৰযুক্তি আইনৰ প্ৰাসংগিক বিধানৰ অধীনত গোচৰ পঞ্জীয়ন কৰে।

Related Articles