Breaking

পুৱাৰ এজাক ধাৰাসাৰ বৰষুণত স্বস্তিৰ নিশ্বাস দিল্লীবাসীৰ

0 19

শুকুৰবাৰে পুৱাই আহিল এজাক ধাৰাসাৰ বৰষুণত দিল্লীৰ তৰু-তৃণকে ধৰি দিল্লীবাসীয়ে স্বস্তিৰ নিশ্বাস পায় । তাৰমাজতো গৰমৰ পৰা পৰিত্ৰাণ পালেও দিল্লীৰ কোনো কোনো অঞ্চলত হোৱা কৃত্ৰিম বানে জুৰুলা কৰিছে । যাৰ ফলত অফিছ-কাছাৰী তথা স্কুল-কলেজলৈ যাওঁতে বানপানীৰ বাবে সমস্যাত ভূগিবলগাও হৈছে ।

কৃত্ৰিম বানপানীৰ বাবে দিল্লী, নয়ডা আৰু গুৰুগ্ৰামত এতিয়াও যাত্ৰীসকল ৰাস্তাতে আৱদ্ধ হৈ পৰাৰো বাতৰি পোৱা গৈছে । উল্লেখ্য যে ধাৰাসাৰ বৰষুণৰ ফলত দিল্লী বিমান বন্দৰৰ ১নং টাৰ্মিনেলত পানী জমা হৈছে । ইয়াৰ বাবেও যাত্ৰীসকল তীব্ৰ যান-জঁটৰ সন্মুখীন হয় ।

Leave A Reply