Breaking

দিল্লীৰ বিশ্ববিদ্যালয়ত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়সূচী কৰ্তন!বিশ্ববিদ্যালয়খনৰ এই সিদ্ধান্তকলৈ ক্ষুব্ধ ছাত্ৰ-ছাত্ৰী…

0 22

বিশ্ববিদ্যালয়লৈ আহিছে যিহেতু পঢ়িবই লাগিব৷ তাৰ বাহিৰে কোনো গত্যন্তৰ নাই৷ সেয়ে দুপৰীয়াৰ আহাৰৰ বাবে বিশ্ববিদ্যালয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা হ্ৰাস কৰা হৈছে৷ এই বাত ৰিলাভ কৰাৰ পাচতে শিক্ষাৰ্থীৰ মাজত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ৷ কিন্তু নিজৰ স্থিতিত অটল আছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষও৷ এই বাতৰি আহিছে ৰাজধানী দিল্লীৰ পৰা৷ দিল্লীৰ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক আৰু অধিক আগৰণুৱা কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ অ’ ৰৱ৷ আপুনি নিশ্চয় ভাবিছে দিল্লী বিশ্ববিদ্যালয়ৰ কথা কৈছো৷যদি ভাবিছে, তেন্তে সেয়া ভুল৷ আমি উল্লেখ কৰা বিশ্ববিদ্যালয়খন হৈছে দিল্লী স্কীল এণ্ড এণ্টাৰপ্ৰেনিউৰ শ্বিপবিশ্ববিদ্যালয় চমুকৈ DSEU ৷জানিব পৰা মতে, DSEU ছাত্ৰ-ছাত্ৰীৰ বাবে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ সময়সূচী আছিল দিনৰ ১২.৩০ বজাৰ পৰা ১বজালৈ৷ অৰ্থাৎ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ সময় ৩০ মিনিট৷ কিন্তু DSEU কৰ্তৃপক্ষই সেই সময় হ্ৰাস কৰি মাত্ৰ ৫মিনিট কৰিছে৷ যাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ষোভৰ অগনি জ্বলা পৰিলক্ষিতহৈছে৷ সংবাদসংস্থা PTI এ উল্লেখ কৰা অনুসৰি, বিশ্ববিদ্যালয়ৰে এজন ছাত্ৰই কয়, ‘‘আমি দিনৰ১২:৩০ বজাৰ পৰা ১ বজালৈ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি লৈছিলো, যিটো সময় তালিকাত অন্তৰ্ভুক্ত আছিল।অৱশ্যে এতিয়া বিশ্ববিদ্যালয়ে সেই সময়সীমা হ্ৰাস কৰি পুৱা ৯বজাৰ পৰা বিয়লি ৫বজালৈ একেলেথাৰিয়ে ক্লাছ অনুষ্ঠিত কৰি আহিছে।’’

সূত্ৰ অনুসৰি, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে ছাত্ৰ-ছাত্ৰীৰ বাবে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবেই মানখিনি সময়ৰ বিৰতিৰ প্ৰয়োজন নাই৷ ৫মিনিটৰ ভিতৰতে সকলোৱে আহাৰ গ্ৰহণ কৰিব পাৰিব৷ DSEU ছাত্ৰ-ছাত্ৰীসকল কোনো সৰু ল’ৰা-ছোৱালী নহয় যে তেওঁলোকক আহাৰ গ্ৰহণ কৰিবলৈ বহু সময়ৰ প্ৰয়োজন হয়৷দিল্লীৰ DSEU ৰ২২অৰ্থাৎ আটাইকেইটা কেম্পাছৰে টাইম টেবুলৰ পৰা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় (লাঞ্চব্ৰেক) আঁতৰোৱা হৈছে বুলিও ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰে। এই বিষয়ে DSEU ৰ যুটীয়া সঞ্চালক (শৈক্ষিক) কামনা সচদেৱে কয় যে বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰীয় শিক্ষানীতি (এনইপি) ২০২০অনুসৰি নিজৰ সকলো কেম্পাছৰ বাবে কেন্দ্ৰীভূত সময়সূচী তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে৷ যাৰ বাবে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ সময় সূচীৰ সালসলনি কৰা হৈছে।

Leave A Reply

Your email address will not be published.