Breaking

দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। ৩ খন আসনত বিজয়ী এবিভিপি, এখনত জয়ী এনএছইউআইৰ প্ৰাৰ্থী…

0 47

২০১৯ চনৰ পিছত এইবেলি পুনৰ অনুষ্ঠিত হোৱা দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ একতাসভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে। ভোটগনণাৰ ২৬ ৰাউণ্ডৰ অন্তত বিজেপিৰ ছাত্ৰ সংগঠন এবিভিপিৰ প্ৰাৰ্থীয়ে তিনি খন আসনত জয় লাভ কৰিছে। একেদৰে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইয়ে এখন আসনত জিকিছে। উল্লেখ্য বহু বছৰৰ বিৰতিৰ অন্তত এইবেলি পুনৰ দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংস্থাৰ (ডিইউএছইউ) নিৰ্বাচনৰ অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ পিছত এইবাৰ পুনৰ বিশ্ববিদ্যালয় খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।

তিনিখনকৈ গুৰুত্বপূৰ্ণ আসনত বিজয় সাৱস্ত্য কৰি আনন্দিত হৈ পৰিছে এবিভিপিৰ কৰ্মীসকল। এবিভিপিৰ কৰ্মীসকলে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে দিল্লী বিশ্ববিদ্যালয় চৌহতদ বিজয় উৎসৱ উদযাপন কৰে।
দিল্লী বিশ্ববিদ্যালয় ছাত্ৰ সংস্থাৰ নিৰ্বাচনত এবিভিপিয়ে তিনিখন আসন ক্ৰমে সভাপতি, সম্পাদক আৰু যুটীয়া সম্পাদকৰ পদত বিজয়ী হৈছে। এন.এছ.ইউ.আইৰ প্ৰাৰ্থীগৰাকীয়ে উপ-সভাপতিৰ পদত জয়ী হৈছে।

Leave A Reply

Your email address will not be published.