দিল্লীৰ বিনামূলীয়া বিদ্যুৎ সেৱা বন্ধ। এতিয়াৰে পৰা দিল্লীবাসীয়ে দিব লাগিব বিদ্যুতৰ মাচুল…

দিল্লীৰ বিনামূলীয়া বিদ্যুৎ সেৱা বন্ধ। এতিয়াৰে পৰা দিল্লীবাসীয়ে দিব লাগিব বিদ্যুতৰ মাচুল…। দিল্লীবাসীৰ মনত আঘাত দি আম আদমী পাৰ্টিয়ে বিদ্যুতৰ ওপৰত দিয়া ৰাজসাহায্য বন্ধ কৰাৰ কথা ঘোষণা কৰিছে। দিল্লীৰ শক্তি মন্ত্ৰী আতিশীয়ে এই তথ্য দিছে। আম আদমী পাৰ্টিৰ দিল্লী চৰকাৰে ৰাইজক দিয়া বিনামূলীয়া বিদ্যুৎ ৰাজসাহায্যৰ ওপৰত নিষেধাজ্ঞা ঘোষণা কৰিছে। শুকুৰবাৰে নিজৰ তথ্য ভাগ-বতৰা কৰি শক্তি মন্ত্ৰী আতিশীয়ে কয়, ‘আজিৰ পৰা দিল্লীবাসীক দিয়া বিনামূলীয়া বিদ্যুৎ সেৱা বন্ধ কৰা হ’ব। কি কাৰণত এই বিনামূলীয়া বিদ্যুৎ সেৱা বন্ধ কৰা হ’ল তলৰ ভিডিঅ’টো চাওক….

দিল্লীত বিনামূলীয়া বিদ্যুৎ ৰাজসাহায্য সন্দৰ্ভত মন্ত্ৰী আতিশীৰ বক্তব্যক লৈ দিল্লীৰ এল জি কাৰ্যালয়ৰ পৰাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাজভৱনৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে শক্তি মন্ত্ৰীগৰাকীক এল জিৰ বিৰুদ্ধে অপ্ৰয়োজনীয় ৰাজনীতি আৰু ভিত্তিহীন মিছা অভিযোগৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। তেওঁ মিছা বক্তব্যৰে মানুহক বিপথে পৰিচালিত কৰাটো বন্ধ কৰক। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু শক্তিমন্ত্ৰীয়ে জনসাধাৰণৰ আগত উত্তৰ দিব লাগে এই সন্দৰ্ভত সিদ্ধান্ত কিয় ৪ এপ্ৰিল পৰ্যন্ত বিচাৰাধীন কৰি ৰখা হ’ল? আনহাতে শেষ তাৰিখ আছিল ১৫ এপ্ৰিল? কেৱল ১১ এপ্ৰিলতহে ফাইলটো এল জিলৈ প্ৰেৰণ কৰা হ’ল কিয়? আৰু ১৩ এপ্ৰিলত এখন চিঠি লিখি সংবাদমেল পাতি নাটক কৰাৰ কি প্ৰয়োজন?

আম আদমী পাৰ্টিৰ চৰকাৰ দিল্লীত ক্ষমতালৈ অহাৰ পৰাই গ্ৰাহকে বিদ্যুৎ আৰু পানীৰ বিলত ৰাজসাহায্যৰ সুবিধা লাভ কৰি আহিছে। ২০২২ চনৰ অক্টোবৰ মাহত অৰবিন্দ কেজৰিৱাল চৰকাৰে বিনামূলীয়া বিদ্যুৎ আঁচনিৰ পৰিৱৰ্তন কৰাৰ সমান্তৰালভাৱে চাহিদা অনুসৰি ৰাজসাহায্য দিয়াৰ কথা কৈছিল। ইয়াৰ বাবেই প্ৰায় ২৫ শতাংশ লোক চৰকাৰৰ শক্তি ৰাজসাহায্যৰ পৰিসৰৰ বাহিৰত আছিল।

Related Articles