Breaking

তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যমত পাঠদানৰ সিদ্ধান্ত বাতিলৰ দাবী

0 1,566

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয়ত ইংৰাজী মাধ্যমত পাঠদানৰ সিদ্ধান্ত বাতিল কৰক,ৰাষ্ট্ৰীয় শিক্ষা আধাৰত প্ৰাথমিক বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত পাঠদানৰ ব্যৱস্থা কৰক,প্ৰাথমিক বিদ্যালয়সমূহত শ্ৰেণীয়ে প্ৰতি শিক্ষকৰ ব্যৱস্থা কৰক ,ৰাজ্যৰ প্ৰতি পাঁচ কিলোমিটাৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান স্থাপন কৰক আদি কেবাটাও দাবী সম্বলিত তিনি ঘন্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি ওদালগুৰি জিলা সমিতিয়ো টংলাৰ আকাশ- বতাহ কঁপাই তোলে।ওদালগুৰি জিলা সমিতিৰ সভাপতি কণ্ঠ কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেৱজিৎ দাসৰ নেতৃত্বত অনুষ্ঠিত অৱস্থান ধৰ্মঘটত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক কোনো ক্ষেত্ৰতে সফল হ’ব নিদিওঁ বুলি জানিব দিয়ে।জিলা সমিতিৰ বিষয় ববীয়াই পুনৰ কয় শেহতীয়াকৈ চৰকাৰখনে অসমৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ এনে স্ববিৰোধী আৰু অসমীয়া বিদ্বেষী সিদ্ধান্তক কঠোৰ ভাৱে গৰিহণা জনাইছো।চৰকাৰৰ কুঅভিসন্ধি বা সিদ্ধান্ত বাতিল কৰি অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্রতিটো শ্রেণীৰ বিপৰীতে এগৰাকী শিক্ষক নিযুক্তি দিয়া, বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান নতুনকৈ স্থাপন কৰা আৰু সকলো চৰকাৰী বিদ্যালয়ত শিক্ষা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জানিব দিয়ে নেতাদ্বয়ে।

টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সন্মুখত ওদালগুৰি জিলা সমিতিৰ উদ্যোগত টংলা আঞ্চলিক সমিতিৰ সৌজন্যত অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচীত জিলা ,আঞ্চলিকসমূহৰ বিষয়ববীয়াৰ উপস্থিতিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,ওদালগুৰি জিলা সমিতিৰ সভাপতি কণ্ঠ কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেৱজিৎ দাস স্বাক্ষৰিত স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.