Breaking

চাহ শ্ৰমিকৰ নায‍্য প্ৰাপ্তিৰ দাবী আটছাৰ : অসম চাহ নিগমৰ অধীনস্থ বাগিচাসমূহৰ দুৰৱস্থা, চৰকাৰৰ নাই কাণসাৰ ।

0 56

কলিয়াবৰ : 

কলিয়াবৰ মহকুমাৰ ডিজু ভেলী চাহ বাগিচা চিকিৎসালয়ৰ দুৰৱস্থা। বাগিচাৰ চিকিৎসালয়খনত নাই চিকিৎসক, চিকিৎসাকৰ্মী, নাই পৰ্য‍্যাপ্ত ঔষধ। বছৰ-বছৰ ধৰি অসম চাহ নিগমৰ ডিজু ভেলী চাহ বাগিচাৰ কৰ্তৃপক্ষৰ আওকণীয়া মনোভাৱৰ বাবে দুখীয়া দৰিদ্ৰ চাহ শ্ৰমিককসকলে নাপায় সু-চিকিৎসা। চাহ শ্ৰমিকসকলৰ আহ্বান-গোঁহাৰিক তিল মাত্ৰও গুৰুত্ব নিদিয়া বাগিচা চিকিৎসালয় পৰিদৰ্শন কৰে নগাঁও জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ এক প্ৰতিনিধি দলে। পৰিদৰ্শন কালত চিকিৎসক, চিকিৎসাকৰ্মীৰ অনুপস্থিতি আৰু পৰ্যাপ্ত ঔষধ নথকা চিকিৎসালয়খন পৰিদৰ্শন কৰি আশ্চৰ্য‍্য প্ৰকান কৰে দলটোৱে। দলটোল প্ৰতিনিধিয়ে চাহ শ্ৰমিককসলক পৰ্য‍্যাপ্ত চিকিৎসা সেৱা আগবঢ়াবলৈ বাগিচা কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে চৰকাৰকো বিষয়টো প্ৰতি গুৰুত্ব দিবলৈ আহ্বান জনায়।আনহাতে, ভাজপা চৰকাৰখনে পূৰ্বৰ প্ৰতিশ্ৰুতি পূৰণ নকৰি অসমৰ আদিবাসী লোকক চৰম প্ৰতাৰণা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।জানিব পৰা অভিযোগ মতে বহু  বছৰ পূৰ্বৰ পৰা বাগিছা কৰ্তৃপক্ষই ভৱিষ‍্যনিধি আৰু অৱসৰকালিন অনান‍্য সা-সুবিধাৰ বাবে মজুৰীৰ পৰা সংগ্ৰহ কৰা ধন দুখীয়া বৃদ্ধ বিধৱা শ্রমিক সকলে পাবলগীয়া ধন মুকলি কৰি দিয়া নাই। এই সম্পুৰ্ণ ধনৰাশি মুকলি কৰি দিয়াৰ দুবছৰৰ আগতেই প্ৰতিশ্ৰুতি দিছিল যদিও আজি পৰ্য‍্যন্ত এটকাও নাপালে অসৱসৰ লোৱা শ্ৰমিকসকলে। নিৰ্বাচনৰ প্ৰাকমুহতত ভাজপা চৰকাৰখনে অসমৰ চাহ উদ্যোগিক ক্ষেত্ৰখনৰ উন্নতিকল্পে গুৰুত্বপুৰ্ণ ভুমিকা লব বুলি দিয়া প্ৰতিশ্ৰুতিৰ ওলোটা ছবি এখনখনহে অতিকৈ চকুত পৰিছে। অসম চাহ নিগম অধিনস্থ বাগিচাসমূহৰ কেইবাটাও কলঘৰ জহি-খহি গৈছে যদিও এই কলঘৰসমূহ পুণৰ নিৰ্মাণত কোনো গুৰুত্ব নিদিলে চৰকাৰখনত। গতিকে অসম চৰকাৰৰ উদোগ মন্ত্ৰী মাননীয় শ্রীচন্দ্ৰমোহন পাটোৱাৰী আৰু বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী মাননীয় শ্রীহিমন্ত বিশ্ব শৰ্মাক অসম চাহ নিগম অধীনস্থ বাগিচাৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে।বিশেষ সুত্ৰে জানিব পৰা মতে যোধা ২ মে’ তাৰিখে ৰাজু তাচা নামৰ এজন ব‍্যক্তিক অসাংবিধানিকৰূপে ডিজু ভেলী চাহ বাগিচাৰ কাৰ্য্যালয়ত ভৱিষ‍্য নিধিৰ কামত নিযুক্তি দিয়ে। বাগিচাখনৰ পৰিচালকে নিয়ম বহিৰ্ভূতভাৱে কোনো ন‍্যস্ত স্বাৰ্থ জড়িত মহলৰ হেঁচাত ৰাজু তাচা নিযুক্তি দিছে বুলি অভিযোগ কৰে সদৌ অসম আদিবাস ছাত্ৰ সন্থাই‌।

Leave A Reply

Your email address will not be published.