Breaking

ক্ৰীড়া পেঞ্চন নিয়মীয়াকৈ প্ৰদানৰ দাবী…

0 16

সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাই পুনৰ ৰাজ্য চৰকাৰক পেঞ্চন নিয়মীয়াকৈ আদায় দি আৰু বকেয়া ধন শীঘ্ৰে নিষ্পত্তি কৰিবলৈ দাবী জনায়। এই সন্দৰ্ভত তেওঁলোকে পুনৰবাৰ চৰকাৰৰ দুৱাৰত টোকৰ মাৰিছে। ২০১৯-২০ বিত্তীয় বৰ্ষত চৰকাৰে ক্ৰীড়া পেঞ্চনাৰ ৯৪০০ টকা কৰ্তন কৰে। সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাই সেই ধন শীঘ্ৰে ঘূৰাই দিবলৈ দাবী জনাইছে। যোৱা বৃহস্পতিবাৰে সংগঠনটোৱে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ সঞ্চালকক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰকপত্ৰত উল্লেখ কৰা অনুসৰি ক্ৰীড়া পেঞ্চনাৰসকলে নিয়মীয়া পেঞ্চন নাপালে বহু কষ্টৰ সন্মুখীন হ’বলগীয়া হয়। কাৰণ, প্ৰাক্তন খেলুৱৈসকল এই পেঞ্চনৰ ওপৰত নিৰ্ভৰশীল।

এই সন্দৰ্ভত সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাৰ সম্পাদক শংকৰ দত্ত লহকৰে কয়, ‘যদি নিয়মীয়া ক্ৰীড়া পেঞ্চন দিয়া নহয়, তেন্তে আমি বহুত কষ্ট ভোগ কৰিব লাগিব। গতিকে আমি নিয়মিতভাৱে পেঞ্চন দিবলৈ চৰকাৰক আবেদন কৰিছো।’ সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাই এই সন্দৰ্ভত বিগত সময়ছোৱাত কেইবাবাৰো ৰাজ্য চৰকাৰৰ ওচৰত আবেদন জনাইছে। কিন্তু চৰকাৰৰ পৰা ৰাজ্য চৰকাৰৰ ওচৰত কেইবাটাও আবেদন দাখিল কৰা হয়। কিন্তু চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। অৱশ্যে সদৌ অসম ক্ৰীড়া পেঞ্চনাৰ সন্থাই আশাবাদী যে চৰকাৰে আকৌ এবাৰ আৱেদন কৰি বহিবলৈ বাধ্য হ’ব।

Leave A Reply