Breaking

সদৌ অসম চেমা ছাত্ৰ সন্থাৰ দাবী

0 75

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ে জুৱেল আলি নামৰ পুঁজিপতি ব্যৱসায়ীজনক পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ১৬৬ হেক্টৰ ভূমি বেদখল কৰি ৰখাৰ সন্দৰ্ভত যোৱা ২৪ নৱেম্বৰ তাৰিখে ১৫দিনৰ সময়সীমাৰে এখন উচ্ছেদ জাননী প্ৰেৰণ কৰিছিল।উক্ত জাননী সন্দৰ্ভত পাহাৰপুৰ গাঁৱৰ চেমা নগা জনগোষ্ঠীৰ লোকসকলৰ মাজত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বন বিভাগৰ এই জাননী সন্দৰ্ভত সদৌ অসম চেমা ছাত্ৰ সন্থাই এক প্ৰেছ বিবৃত্তি যোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।কিয়নো জুৱেল আলি নামৰ ব্যক্তি জনৰ পাহাৰপুৰ অঞ্চলত ব্যক্তিগত ভাৱে মাটি নাই আৰু তেখেতে যি ভূখণ্ডত চাহ বাগিচা স্থাপন কৰিছে উক্ত ভূখণ্ড প্ৰকৃততে  পাহাৰপুৰ অঞ্চলত বসবাস কৰি অহা চেমা নগা লোক সকলৰ পূৰ্বপুৰুষ সকলে জুম খেতি কৰা ভূখণ্ডহে। কেইবাবছৰো জুম খেতি কৰাৰ বাবে এই ভূখণ্ডৰ উৰ্বৰতা হ্ৰাস পোৱাত প্ৰায় ২৫/৩০বছৰ পূৰ্বে উক্ত ভূখণ্ড জুৱেল আলিক লীজ হিচাপেহে চাহ বাগিচা স্থাপন কৰিবলৈ দিয়া হৈছিল কিয়নো সেই সময়ত চেমা নগা লোক সকল চাহ খেতি কৰিব পৰাকৈ আৰ্থিক ভাৱে সক্ষম নাছিল। বৰ্তমান জুৱেল আলিৰ লগত লীজৰ সময়সীমাৰ যি ম্যাদ সেই লীজৰ ম্যাদ শেষ হোৱা বুলিও জানিবলৈ দিয়ে চেমা সকলে। তেখেত সকলে দাবী কৰা অনুযায়ী বন বিভাগে চেমা নগা লোকসকলৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ উক্ত ভূখণ্ড জুৱেল আলিৰ দখলীকৃত সংৰক্ষিত বনাঞ্চলৰ  মাটি বুলি জাননী জাৰি কৰাটো ভিত্তিহীন বুলিহে কব বিচাৰে।কিয়নো অসম বন আইন প্ৰণয়ন হোৱাৰ বহু পূৰ্বৰে পৰা এই ভূখণ্ডত চেমা নগা লোক সকলে জুম খেতি কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আহিছে। সেয়েহে বন বিভাগৰ তৰফৰ পৰা জাৰি কৰা জাননী খন অতি সোনকালে প্ৰত্যাহাৰ কৰি উক্ত ভূখণ্ডত উচ্ছেদ নকৰিবলৈ আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে। ইয়াৰোপৰি উক্ত ১৬৬ হেক্টৰ মাটিকালিৰে পৰিবেষ্টিত চাহ বাগিচাখন উচ্ছেদ কৰি উক্ত ঠাইত দধিয়া বাসীক সংস্থাপিত কৰাৰ এক ষড়যন্ত্ৰ বুলিহে সন্দেহ ব্যক্ত কৰিছে চেমা লোকসকলে। এই ক্ষেত্ৰত চেমা লোকসকলৰ দধিয়া বাসীৰ প্ৰতি সম্পূৰ্ণ সহানুভূতি আছে যদিও চৰকাৰে এটা ভূমিপুত্ৰ জনগোষ্ঠীৰ পূৰ্বপুৰুষৰ দখলীকৃত ভূখণ্ডত আন এটা ভূমিপুত্ৰ জনগোষ্ঠীৰ লোকক সংস্থাপিত কৰি ভাতৃঘাটি সংঘাতৰ সূত্ৰপাত ঘটোৱাৰহে চেষ্টা কৰিছে বুলি ক্ষোভ প্ৰকাশ কৰে।চৰকাৰে যদি এনে ধৰণৰ চিন্তা কৰিছে তেন্তে তাক পৰিহাৰ কৰি এক অবিবাদীত ভূখণ্ডত দধিয়া বাসীক সংস্থাপিত কৰিবলৈ আহ্বান জনাইছে। ছাত্ৰ সংগঠনটোৱে এই সমগ্ৰ বিষয়টো সন্নিৱিষ্ট কৰি ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি কেইবাঠাইটো স্মাৰক পত্ৰ দাখিল কৰাৰ কথা জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.