dementia: মনৰ ব্যস্ততা যিমানে বাঢ়িব সিমানেই দীঘলীয়া হ’ব জীৱনটো!

বৰ্তমান সময়ত সকলোৱে বিচাৰে এটা দীঘলীয়া আৰু সুস্থ জীৱন। কিন্তু আপুনি জানেনে যে আপোনাৰ মগজুৰ কাৰ্য্যকলাপে আপোনাৰ দীঘলীয়া আৰু সুস্থ জীৱন দুয়োটাতে প্ৰভাৱ পেলাব পাৰে।(dementia)

শেহতীয়া এক অধ্যয়নত দেখা গৈছে যে যদি আমি আমাৰ মগজুক অহৰহ সক্ৰিয় আৰু ব্যস্ত কৰি ৰাখোঁ তেন্তে আমি কেৱল বেছি দিন জীয়াই থকাই নহয়, ডিমেনচিয়াৰ দৰে গুৰুতৰ মানসিক ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰিব পাৰোঁ।(mind busy)

বিশেষজ্ঞসকলৰ মতে আমাৰ মগজু যেতিয়া সক্ৰিয় হৈ থাকে তেতিয়া ই নতুন তথ্য উদ্ভাৱনৰ প্ৰক্ৰিয়াকৰণ কৰে। ই মগজুৰ কোষৰ মাজত নতুন সংযোগ সৃষ্টি কৰে, যাৰ ফলত মগজুৰ কাৰ্য্যক্ষমতা উন্নত হয়। মনটোক ব্যস্ত কৰি ৰাখিলে কৰ্মক্ষমতা বৃদ্ধি হোৱাই নহয়, বয়স বৃদ্ধিও লেহেমীয়া হয়।(longevity)

ডিমেনচিয়া হৈছে এক গুৰুতৰ মানসিক ৰোগ। য’ত ব্যক্তিৰ স্মৃতিশক্তি, চিন্তা ক্ষমতা আৰু দৈনন্দিন কাম-কাজ কমিবলৈ আৰম্ভ কৰে। অধ্যয়নত দেখা গৈছে যে গোটেই জীৱন নিজকে মানসিকভাৱে ব্যস্ত কৰি ৰখা লোকসকলে ডিমেনচিয়াৰ বলি হোৱাৰ পৰা হাত সাৰিব পাৰে। মগজুক সদায় সক্ৰিয় কৰি ৰাখিলে মগজুৰ গঠন আৰু কাৰ্য্য শক্তিশালী হয়, যাৰ ফলত ই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়।

মনটোক কেনেকৈ ব্যস্ত কৰি ৰাখিব-

নতুন ভাষা বা বাদ্যযন্ত্ৰ শিকিলে মনটো সক্ৰিয় হৈ থাকে।
নিয়মিতভাৱে অধ্যয়ন, লিখা আৰু মানসিক খেল খেলাটোৱে মগজুক শক্তিশালী কৰে।
বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে সামাজিক কাম-কাজত অংশগ্ৰহণ কৰাটো মগজুৰ বাবে উপকাৰী।

Related Articles