বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধাক্ষ্য বিজন লাল চৌধুৰীৰ বিয়োগ

বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালৰ প্ৰাক্তন উপাধাক্ষ্য, অসমীয়া বিভাগৰ প্ৰবক্তা, বিশিষ্ট কবি, সমালোচক, সংগ্ৰামী নেতা তথা বৰপেটা দহাটী নিবাসী বিজন লাল চৌধুৰী আৰু ইহসংসাৰত নাই। দীৰ্ঘদিন দিন ধৰি অসুস্থ হৈ থকাৰ অন্ততঃ মঙ্গলবাৰে নেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। বিদ্ৰোহী কবি তথা অসম সাহিত্য সভাৰ গোলাঘাট অধিৱেশনৰ সভাপতি প্ৰয়াত প্ৰসন্নলাল চৌধুৰীৰ জ্যেষ্ঠ পুত্ৰ অধ্যাপক বিজন লাল চৌধুৰীয়ে এজন বামপন্থী নেতা হিচাপে পৰিচিত আছিল।

বিভিন্ন সময়ত তেওঁ সংগ্ৰাম কৰি কাৰাবাস খাটিব লগিয়া হৈছিল। কবি প্ৰসন্নলাল চৌধুৰীৰ সুযোগ্য সন্তান বিজন লাল চৌধুৰীয়ে প্ৰথমে শিক্ষকতা কৰাৰ পাছত পিছলৈ বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰি উপাধাক্ষ্য হিচাপে  কার্যভাৰ কৰি অৱসৰ গ্ৰহণ কৰে। এগৰাকী বিশিষ্ট কবি হিচাপে প্ৰতিষ্ঠিত বিজন লাল চৌধুৰীয়ে শিক্ষকতা কৰাৰ পূৰ্বে গুৱাহাটী আকাশবাণী কেন্দ্ৰত কিছু কাল কাম কৰিছিল।

প্ৰয়াত চৌধুৰী দেৱে মধ্যবিত্ত সংকীৰ্ণ বৃত্তত অৱতীৰ্ণ হৈ ষাঠীৰ দশকতে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত সত্তৰ দশকত সৰ্বসাধাৰণ খাটি খোৱা মানুহৰ গণতান্ত্ৰিক সংগ্ৰামৰ নেতৃত্ব লৈ তেওঁলোকৰ দুখ -যন্ত্ৰণাৰ লৈ কবিতাৰ পাতনি মেলি পিছলৈ এগৰাকী কবি হিচাপে প্ৰতিষ্ঠিত হয়।

এটা সময়ত ‘নতুন পৃথিৱী’ নামৰ আলোচনীখনৰ সম্পাদনাৰ দায়িত্বও তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল। একাধিক গ্ৰন্থত তেওঁ সম্পাদনাও কৰিছিল। বৰপেটাত প্ৰথম বাটৰ নাটৰ ব্যৱস্থা কৰিছিল ।  প্ৰগতিশীল চিন্তা- ধাৰাৰ ফচল সৃষ্টি কৰিছিল । তেৱেঁই আৰু ষাঠীৰ দশকৰ শেষ চোৱাত তেওঁৰ নেতৃত্বতে ‘সূৰুয মুখী’ৰ জৰিয়তে। বৰপেটাৰ হাটীয়ে হাটীয়ে প্ৰগতিশীল চিন্তাধাৰাৰ প্ৰবল বতাহ বলাইছিল এইগৰাকী শ্ৰদ্ধাৰ বিজন লাল চৌধুৰীয়ে। শ্ৰেণী চেতনা তথা  আকাশবাণী কেন্দ্ৰত তেওঁ লিখা আৰু প্ৰচাৰিত ‘যান্ত্ৰিক’ ৰূপকধৰ্মী নাটত তেওঁ অভিনয় কৰিছিল। তেওৰ অন্যতম অভিনয় শৈলীৰ নাট খন আছিল দক্ষিণ হাটীৰ ‘ৰক্ষকুমাৰ’ । ‘ৰক্ষকুমাৰ’ৰ চৰিত্ৰত কৰা বলিষ্ঠ অভিনয় দৰ্শকৰ মাজত গভীৰ সাচ বহুৱাইছিল। এগৰাকী বহু মুখী প্ৰতিভাৰ চিনাকী দিয়া বিজন লাল চৌধুৰীদেৱে বহু কেইখন আলোচনী তথা সংবাদ পত্ৰত তাত্বিক বিশ্লেষণাত্মক প্ৰৱন্ধ লেখতলবলগীয়া। এজন সংবাদ কৰ্মী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। অধুনালুপ্ত ‘নতুন দৈনিক’ কাকতত বৰপেটাৰ স্হানীয় সংবাদ দাতা হিচাপে কেইবাটাও বছৰ নিয়োজিত হৈ আছিল বিশিষ্ট লেখক গৰাকীয়ে। বৰপেটা প্ৰেছ ক্লাবৰ দুটা কাৰ্যকালৰ বাবে তেওঁ সভাপতিৰ দায়িত্বও তেওঁ সুচাৰুৰূপে চলাইছিল।

বৰপেটা সাহিত্য সভাৰ লগতে বিভিন্ন অনুষ্ঠান আদিৰ সৈতে প্ৰয়াত চৌধুৰী জড়িত হৈ বিভিন্ন লৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই গৰাকী বিশিষ্ট কবি, সাহিত্যিক, সমালোচক, অভিনয় শিল্পী, নাট্য কৰ্মী তথা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰবক্তাৰ মৃত্যুৱে বৰপেটাৰ বাবে অপূৰাণীয় ক্ষতি। তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৰপেটা চহৰত শোকৰ ছাঁয়ে বিৰাজমান কৰিছে।

Related Articles