বিশিষ্ট জিকিৰ-জাৰীৰ শিল্পী নবাবুদ্দিন আহমেদৰ বিয়োগ

অসমৰ বিশিষ্ট জিকিৰ আৰু জাৰীৰ শিল্পী, প্ৰসিদ্ধ গীতিকাৰ তথা কবি নবাবুদ্দিন আহমেদৰ যোৱা নিশা ১০-৩০ বজাত তেখেতৰ ৰঙিয়াৰ এন টি ৰোড স্থিত নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত সংগীত শিল্পীগৰাকীৰ বয়স আছিল ৮৫ বছৰ । শিল্পীগৰাকীৰ মৃত্যুত সমগ্র ৰঙিয়াতে গভীৰ শোকৰ ছা পৰিছে । প্ৰয়াত নবাবুদ্দিন আহমেদে প্ৰায় চাৰি কুৰি জিকিৰ, জাৰী,কাৱালী আৰু আধুনিক গীত ৰচনা কৰি অসমৰ সংগীত জগতখন চহকী কৰি গৈছে । প্ৰয়াত নবাবুদ্দিন আহমেদে ৰচনা কৰা তুমি খোদা মেহেৰবান, লা ইলাহা ইল্লালাহু, ৰমজানৰে ৰোজা ৰখা, খোদাই কলে ৰচুলক, আল্লাহি আল্লা, নামাগো দৌলত, আদিকে ধৰি প্ৰায় অৰ্ধশতাধিক জিকিৰ, জাৰীৰ লগতে কাৱালী ৰচনা কৰি থৈ গৈছে । প্ৰয়াত  আহমেদে ৰচনা কৰা জিকিৰ, জাৰী আৰু কাৱালীসমূহত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট কন্ঠশিল্পী খগেন মহন্ত, পুলক বেনাৰ্জী, নীলিমা খাতুন, হাফিজা বেগম চৌধুৰী, হাছিনা হাজৰিকা আদিয়ে কন্ঠদান কৰিছিল। প্ৰয়াত আহমেদে ৰচনা কৰা আৰু বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰীয়ে পৰিচালনা কৰা ‘গুলে নাগমা’ নামৰ কেছেটটি মুকলি হোৱাৰ পিছত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে তেখেতক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছিল। অসম চৰকাৰৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আহমেদে ৰঙিয়াৰ সামাজিক ক্ষেত্ৰখনৰ লগতো জৰিত হৈ আছিল । মৃত্যুৰ সময়ত আহমেদে পত্নীৰ লগতে দুজন পুত্ৰৰ উপৰি দুগৰাকী কন্যা ইহসংসাৰত এৰি গৈছে । মঙলবাৰেদিনৰ ১০ বজাত নবাবুদ্দিন আহমেদৰ জানাজা সম্পন্ন কৰা হয় ।

Related Articles