Breaking

বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শন আৰু সজাগতা সভা

0 55

বিটিআৰৰ আই চি ডি পি কোকৰাঝাৰৰ উদ্যোগত তামুলপুৰ মহকুমা পশুপালন আৰু পশুচিকিৎসা কাৰ্যালয়ৰ অন্তৰ্গত তামুলপুৰ খণ্ড পশুপালন আৰু পশু চিকিৎসালয়ৰ সহযোগত বালাবাৰীত আজি বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শন-সজাগতা সভা অনুষ্ঠিত হৈ যায়৷ দিনৰ এঘাৰ বজাত বৰ্ণ সংকৰ গো-পোৱালীৰ প্ৰদৰ্শনৰ শুভ উদ্বোধন কৰে স্থানীয় ভিচিডিচিৰ অধ্যক্ষ ডালিম বড়োৱে৷ পাছত মহকুমা পশুপালন আৰু পশুচিকিৎসা বিষয়া ৰূপম বড়োৰ সঞ্চালনাত এখন সজাগতা সভা অনুষ্ঠিত হয়৷

তামুলপুৰ খণ্ড পশুচিকিৎসা বিষয়া ডা: বলেন চৌধুৰীয়ে আঁত ধৰা সজাগতা সভাত ডা: মহেশ দাসে গাই গৰুৰ কৃত্ৰিম আৰু প্ৰাকৃতিক প্ৰজননৰ ওপৰত বক্তব্য ৰাখি তেওঁ কয় যে ঘৰত বহিয়ে গীৰ গাই, চাহিয়াল, জাৰ্চি, ৰ প্ৰজনন কৰি উন্নত প্ৰজাতিৰ গাইগৰুৰ পোৱালী প্ৰজনন কৰিবলৈ সক্ষম হ’ব পাৰে গো-পালক সকল৷ গুৰমৌ পশুপালন আৰু পশু চিকিৎসালয়ৰ বিষয়া ডা° ৰিংকু ডেকা ই গৰু পালনৰৰ সমন্তৰালভাৱে উন্নত মানদণ্ড ঘাঁহৰ খেতি কৰিবলৈ গোপালক সকলক পৰামৰ্শ দি তেওঁ কয় যে ঘাঁহ খাদ্য হিচাবে গৰুক যোগান ধৰিলে ঔষধৰ ব্যৱহাৰ কমি যোৱাৰ উপৰিও নানা ধৰনৰ বেমাৰ আজাৰৰ পৰিমান হ্ৰাস পায়।

আনহাতে গাইগৰুৰ গাখীৰ উৎপাদনো যথেষ্ট বৃদ্ধি হয়৷ ধানখেৰ আৰু দানাতকৈ লাভজনক হ’ল সেউজীয়া ঘাঁহ৷ গাইগাৰু এজনীয়ে জীৱনত যিমান উৎপাদনশীল হ’ব পাৰে সেই খিনি উৎপাদন দিবলৈ সক্ষম হোৱা দেখা যায়৷ উন্নত প্ৰজাতিৰ নেপিয়াৰ ঘাঁহ আৰু মাকৈ অধিক শক্তিদায়ক প্ৰটিনযুক্ত খাদ্য৷ তাৰোপৰি গৰুৰ খাদ্য হিচাবে শক্তি দায়িনী কলগছ, মেটেকা আদিও খুৱাব পাৰে বুলিও তেওঁ মন্তব্য প্ৰদান কৰে।

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চৰিত্ৰ কলিতা আৰু অৰবিন্দ কলিতাইয়ো কৃত্ৰিম প্ৰজননৰ দ্বাৰা গো-পালন কৰি দুগ্ধ উৎপাদন কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায় ৷ আনহাতে গৰুৰ খাদ্যৰ মূল্য বৃদ্ধি হোৱাত আক্ষেপ প্ৰকাশ কৰি কৰে তেওঁলোকে‌। সভাৰ শেষত সঞ্চালকৰ আসনৰ পৰা মহকুমা পশু পালন আৰু পশু চিকিৎসা বিষয়া ডা° ৰূপম বড়োৱে গো পালক সকলক উদ্দেশ্যি কয় যে –
সকলোৱে গৰু পালন কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হওঁক , উন্নত প্ৰজাতিৰ গাইগৰু পালন কৰিবলৈ আহ্বান জনাই কয় যে গো-পালক সকলে গাইগৰু পালনৰ সমান্তৰালভাৱে উন্নত মানৰ সেউজীয়া ঘাঁহৰ উৎপাদনত গুৰুত্ব দিব লাগিব ৷ গো পালক সকলে ঘাঁহৰ খেতি কৰি সফল হব পাৰিব ৷

কম খৰছত অধিক উৎপাদনৰ দিহা কৰিবলৈ হ’লে আমি গো পালক সকলে বৰ্ণ সংকৰ গৰু পোৱালি প্ৰজনন কৰি ঘৰতে পালন কৰি অধিক গাখীৰ উৎপাদন কৰিবলৈ সক্ষম হম। সেয়ে গো-পালক সকলক ব্যৱসায়িক ভিত্তিত গো-পালন কৰিবলৈ তেওঁ আহ্বান জনায়৷


আজিৰ গো-পোৱালী প্ৰদৰ্শনীত গাঁৱ খনৰ ২৪ টা পোৱালী পৰিবেশন কৰা হয়৷ প্ৰদৰ্শনীত নিৰ্বাচিত হোৱা গো-পোৱালী পালক সকলক একোখনকৈ মানপত্ৰ আৰু ধন বিতৰন কৰে৷ লগতে গো পোৱালী বোৰৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰয়োজনীয় ঔষধৰ যোগান ধৰা হয়৷

আজিৰ এই গো-পোৱালী প্ৰদৰ্শনী আৰু সজাগতা সভাত মহকুমাটোৰ গোৰেশ্বৰৰ পশুচিকিৎসা বিষয়া
ডা° প্ৰতীম হাজৰিকা, নাগ্ৰীজুলিৰ পশুচিকিৎসা বিষয়া পৃথীসিং চেত্ৰী , ক্ষেত্ৰ সহায়ক কংকন বড়ো, ৰঘু মজুমদাৰ প্ৰমুখ্যে বালাবাৰী গাঁৱৰ গো – পালক, কেবাগৰাকী ক্ষেত্ৰ সহায়ক উপস্থিত আছিল৷

Leave A Reply

Your email address will not be published.