গৰখীয়া মন্দিৰৰ বিশেষ ইতিহাস বুৰঞ্জীত লিপিবদ্ধ নাই, লোক বিশ্বাসৰ অংশস্বৰূপ হিচাপে আছে ঐশ্বৰিক শক্তি।(Demow news)
ৰাজ্যজুৰি দৌল উৎসৱৰ উখল-মাখলৰ পৰিৱেশ। ফল্গোউৎসৱ পালন কৰিব ডিমৌ সমীপৰ গৰখীয়া মন্দিৰ তথা থান আৰু ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ আহোম যুগৰ ধাইমাওপুখুৰীৰ আছে ঐশ্বৰিক শক্তি। ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ আহোম যুগৰ ধাইমাওপুখুৰীৰ মহত্ত্বৰ বিষয়ে প্ৰফুল্ল দেউৰি নামৰ গৰখীয়া গৰাকীৰ পৰা সবিশেষ জানো আহক।
আকৌ আহিল ৰঙৰ উৎসৱ ফাকুৱা অথবা দৌল উৎসৱ। দৌল উৎসৱ উপলক্ষে উখল-মাখল ৰাজ্য। শ্ৰী শ্ৰী কৃষ্ণৰ দৌল উৎসৱৰ লগত সংগতি ৰাখি গৰখীয়া মন্দিৰতো লক্ষ লক্ষ ভকত বৈষ্ণৱে উদুলি মুদুলি হোৱাৰ এক পৰিবেশ পুনৰ আহি পৰিছেহি।
গৰখীয়া মন্দিৰৰ বিশেষ ইতিহাস বুৰঞ্জীত লিপিবদ্ধ নাই, লোক বিশ্বাসৰ অংশস্বৰূপ হিচাপে ইয়াত আছে ঐশ্বৰিক শক্তি। এটা সময় আছিল য’ত এই স্থানতে গভীৰ জংঘল, বাঘ আৰু শিয়ালকে ধৰি সেই স্থানতে গৰখীয়া সকলেও গৰু চৰাইছিল।গোৱালসকলৰ যেতিয়া গৰু সমূহ বেমাৰত মৰি গৈছিল আধ্যাত্মিকতাৰ যোগেদি ভগৱান কৃষ্ণৰ উপাসনাৰ জড়িয়তে এই ব্যাধিৰ পৰা তেওঁলোকে মুক্তি লাভ কৰিছিল। পূজা আৰু সকামৰ জড়িয়তে লোক বিশ্বাস অনুসৰি গৰখীয়া থানত ভক্ত সকলে চাকি-বন্তি জ্বলাই নৈবেদ্য আগবঢ়ায়। দৌল পূৰ্ণিমাৰ লগত সংগতি ৰাখি ডিমৌ সমীপৰ এই গৰখীয়া মন্দিৰত উদযাপন কৰা হব দৌল উৎসৱ। ইয়াৰ মহত্ত্ব হল সদায় হলি পূৰ্ণিমাৰ দিনাই খনেই মন্দিৰৰ মূল দুৱাৰ খন খুলা হয়।
লগতে তেওঁলোকে হলি পূৰ্ণিমাৰ দিনা খনেই মূল পূজা ভাগ কৰে। গোটেই নিশা ইয়াত নাম প্ৰসংগ কৰাৰ পাছত তাৰ ভিতৰত থকা মূল আসন খন উলিয়াই তাত বহাই। ইয়াত থকা এই পুখুৰীৰ পাৰে পাৰে দোকান বহে আৰু ইয়াত এখন বহুত ডাঙৰ মেলাও হয়। এই পূজা ভাগ আবেলি প্ৰায় ৩ মান বজাৰ পৰা আৰম্ভ হয় আৰু ইয়াত নাম নাগ, নাম প্ৰসংগৰে গোটেই নিশা চলে। য’ত বহু দূৰ দূৰণিৰ পৰা মানুহ আহে। কাষৰ পথটোতও যথেষ্ট ভিৰ হয়। ডিমৌ সমীপৰ গৰখীয়া মন্দিৰত মাঘী পূৰ্ণিমাত আয়োজন কৰা হয় গৰখীয়া সকামৰ লগতে গৰখীয়া মন্দিৰত ভক্ত সকলে চাকি-বন্তি জ্বলাই নৈবেদ্য আগবঢ়ায়। য’ত এক আধ্যাত্মিক পৰিবেশে বিৰাজ কৰে।