Dengue vaccine trial: ডেংগুৰ ভেকচিনৰ সফল পৰীক্ষণ: ভাৰতত শীঘ্ৰেই উপলব্ধ হ’ব ডেংগুৰ ভেকচিন

নতুন দিল্লী: প্ৰতি বছৰে বাৰিষাৰ সময়চোৱাত ডেংগু ৰোগৰ ঘটনা অসমকে ধৰি সমগ্ৰ ভাৰতত অধিক পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হয়। এই ৰোগত আক্ৰান্ত হৈ প্ৰতিবছৰে মৃত্যু ঘটে বহু লোকৰ । কিন্তু এতিয়া ডেংগুৰ পৰা পৰিত্ৰাণ পোৱাৰ ক্ষেত্ৰত আহিছে এটা সুখবৰ । ইতিমধ্যে ভাৰতত আৰম্ভ হৈছে ডেংগু ভেকচিনৰ মানৱ পৰীক্ষণ আৰু এই পৰীক্ষণ সফল হৈ উঠিলেই ৰক্ষা পৰিব ডেংগুত আক্ৰান্ত বহু ৰোগীৰ জীৱন(Dengue vaccine trial started in India) ।

পেনেছিয়া বায়’টেক আৰু ICMRৰ যৌথ প্ৰচেষ্টাত ডেংগুৰ এই ভেকচিনবিধ প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে এই ভেকচিনৰ তৃতীয় পৰ্যায়ৰ ট্রায়েল মানৱ শৰীৰৰ ওপৰত আৰম্ভ কৰা হৈছে । দিল্লীৰ ৰাম মনোহৰ লোহিয়া (RML) হাস্পতালত এই মানৱ পৰীক্ষণৰ আৰম্ভণি কৰা হৈছে।

ডেংগু ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ আঁচনি

ডেংগু ভেকচিনৰ তৃতীয় পৰ্যায়ৰ মানৱ পৰীক্ষণৰ বাবে ভাৰতৰ ১৯ টাকৈ কেন্দ্ৰত ১০,০০০ৰো অধিক লোকক অংশগ্ৰহণ কৰোৱা হৈছে। প্ৰত্যেক কেন্দ্ৰত প্ৰায় ৫৪৫ গৰাকীক এই ভেকচিন প্ৰদান কৰা হ’ব । ইয়াৰে অন্যতম কেন্দ্ৰ হৈছে দিল্লীৰ ৰাম মনোহৰ লোহিয়া হাস্পতাল, য’ত স্বাস্থ্য মন্ত্ৰালয়ে এই ট্রায়েলৰ অনুমতি প্ৰদান কৰিছে। চিকিৎসালয়খনৰ কমিউনিটি মেডিচিন বিভাগৰ প্ৰধান চিকিৎস ডাঃ নীলম ৰয়ৰ নেতৃত্বত এটা চিকিৎসৰ দলক ডেংগু ভেকচিনৰ এই মানৱ পৰীক্ষণৰ দায়িত্ব প্ৰদান কৰা হৈছে।

ডাঃ নীলম ৰয়ে জানিবলৈ দিয়া অনুসৰি, তৃতীয় পৰ্যায়ৰ ট্রায়েলত প্ৰায় ৭০% লোক ১৮-৪৫ বছৰ বয়সৰ আৰু বাকী ৩০% লোক ৪৫ বছৰ ওপৰৰ বয়সৰ। এই ডেংগু ভেকচিনৰ ষ্ট্ৰেইন আমেৰিকাৰ এ আই এছ পৰা সংগ্ৰহ কৰি ইয়াৰ গুৰুত্বপূর্ণ পৰীক্ষণ আৰু বিশ্লেষণসমূহ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে।

দুবছৰৰ পৰ্যবেক্ষণত থাকিব ট্রায়েলত অংশগ্ৰহণ কৰা লোকসকল

ডাঃ নীলমৰ মতে, যিসকলক এই ভেকচিন প্ৰদান কৰা হৈছে, তেওঁলোকক দুবছৰলৈ সম্পূৰ্ণ পৰ্যবেক্ষণত ৰখা হ’ব। এই ভেকচিনে ডেংগুৰ চাৰিটা মেজৰ ষ্ট্ৰেইনৰ ওপৰত কার্যক্ষমতা প্ৰমাণ কৰিছে, যাৰ বাবে ইয়াক ‘ডেংগু অল ভেকচিন’ নামেৰে নামাকৰণ কৰা হৈছে ।

ডেংগুৰ পৰা মুক্তিৰ আশা

যদি এই ভেকচিনবিধৰ মানৱ পৰীক্ষণ সফল হয়, তেন্তে দেশৰ সকলো প্ৰান্তৰ লোকক ইয়াক প্ৰদান আৰম্ভ হ’ব। ঠিক ক’ৰোনাৰ ভেকচিনৰ দৰে, এই ভেকচিনেও বহু লোকৰ জীৱন ৰক্ষা কৰিব।

Related Articles