Breaking

নগাঁৱত ড্ৰাগছ আৰু দেহ ব্যৱসায়ৰ লগত জড়িত ৮গৰাকীক আটক; মেটেকাৰ মাজত উদ্ধাৰ ড্ৰাগছ

0 1,309

নগাঁও, ৫ডিচেম্বৰ: দীৰ্ঘদিন ধৰি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত চলি অসামাজিক কাৰ্যকলাপে চহৰখনৰ সাধাৰণ ৰাইজক অতীষ্ঠ কৰিছে। আনকি নগাঁৱৰ হয়বৰগাঁওস্থিত আইন মহাবিদ্যালয়ৰ সমীপতে চলি আছে ব্যাপক বে আইনী কাৰ্যকলাপ। আজি নগাঁৱৰ উপআৰক্ষী অধীক্ষক অনিতা হাজৰিকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন এলেকাত অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰিছে ড্ৰাগছ তথা বেআইনী কাৰ্যকলাপৰ লগত জড়িত ৮জনকৈ ব্যক্তিক। এইসকলৰ মাজত আছে একেটা পৰিয়ালৰে এজন যুৱক আৰু দুগৰাকী মহিলাও। জানিবপৰা মতে, ৰকিবুল হাছান ওৰফে ৰকি নামৰ এজন যুৱকৰ সহযোগত একেটা পৰিয়ালৰে এই দুগৰাকী মহিলাই আইন মহাবিদ্যালয়ৰ সমীপতে চলাই আছিল বে আইনী কাৰ্যকলাপ। আজি আৰক্ষীয়ে অসামৰিক পোছাকত অভিযান চলাই তিনিওকে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছে। কিন্তু আৰক্ষীৰ দল দেখি প্ৰথমৱস্থাত ৰকিয়ে ড্ৰাগছ ভৰ্তি বেগ কলং নৈৰ মেটেকাৰ মাজলৈ দলিয়াই দিছিল যদিও আৰক্ষীয়ে মেটেকাৰ মাজৰ পৰা ড্ৰাগছৰ বেগটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়  । ইপিনে নগাঁও চহৰৰ ডাকোৱাল গাঁৱতো আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আৰু দেহ ব্যৱসায়ত জড়িত ৫জন ব্যক্তিক আটক কৰিছে।

Leave A Reply

Your email address will not be published.