Devendra Fadnavis: বহু জল্পনা-কল্পনাৰ অন্তত আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাবিছে

আজি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাবিছে। তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰূপে শপত ল’ব দেৱেন্দ্ৰ ফাড়নাবিছে। সন্ধিয়া ৫.৩০ বজাত আজাদ ময়দানত শপতগ্ৰহণ অনুষ্ঠান।(Devendra Fadnavis)

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে এয়া হ’ব দেৱেন্দ্ৰ ফাড়নাবিছৰ তৃতীয়টো কাৰ্যকাল। ২০১৪ চনৰ অক্টোবৰৰ পৰা ২০১৯ চনৰ নৱেম্বৰ মাহলৈকে তেওঁ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁৰ দ্বিতীয়টো কাৰ্যকাল অৱশ্যে মাত্ৰ পাঁচ দিন, ২০১৯ চনৰ ২৩ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ, কাৰণ শিৱসেনাই বিজেপিৰ সৈতে মিত্ৰতাৰ পৰা ওলাই আহিছিল।(Eknath Shinde)

আনহাতে ফাড়নাবিছ চৰকাৰত থাকিব দুজনকৈ উপ-মুখ্যমন্ত্ৰী। উপ-মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব একনাথ সিন্দে, অজিত পাৱাৰে।

২০ নৱেম্বৰত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত মহাযুত মিত্ৰজোঁটে জয় লাভ কৰাৰ পিছত দুসপ্তাহতকৈ অধিক সময় ধৰি শীৰ্ষ পদত কোনে নেতৃত্ব দিব সেই লৈ থকা অচলাৱস্থাৰ অন্ত পেলাই আজি বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে মহাৰাষ্ট্ৰৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।(Ajit Pawar)

সন্ধিয়া ৫.৩০ বজাত মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰিব।

Related Articles