সন্মুখত সুনিদিষ্ট লক্ষ্য আৰু লক্ষ্য প্ৰাপ্তিৰ বাবে একাগ্ৰ মন, কঠোৰ সাধনা তথা তপস্যা থাকিলে বাস্তৱিকতে যে সকলো কামেই সম্ভৱ সেয়া জীৱন কালত সফলতা অৰ্জনকাৰী প্ৰতিজনৰ জীৱন পৰিক্ৰমা বিচাৰ-বিশ্লেষণ কৰিলে সেয়া সহজে অনুধাৱন কৰিব পাৰি । কি আৰ্থ-সামাজিক, কি সাংস্কৃতিক , কি ৰাজনৈতিক , কি সাহিত্য, কি ক্ৰীড়া , কি শিক্ষা এই ক্ষেত্ৰসমূহত সফলতা অৰ্জনকাৰীয়ে এনে নিয়মকে অনুসৰণ কৰি আজিৰ সমাজখনত নিজৰ নাম সোণালী আখৰে খোদিত কৰি ৰাখিবলৈ সক্ষম হৈছে। এইসকলেই আমাৰ নৱ প্ৰজন্মৰ বাবেও এক আদৰ্শ স্বৰূপ । লক্ষ্য প্ৰাপ্তিৰ বাবে কঠোৰ সাধনা আৰু অনুশীলনৰ মাজেৰে ক্ৰীড়া জগতখনত অন্যান্য সকলৰ দৰে এজন সফল ক্ৰীড়াবিদ হিচাপে নিজকে চিনাকী দিয়াৰ লগতে নৱ প্ৰজন্মৰো আদৰ্শ স্বৰূপ হৈ পৰা চাবুৱা নগৰৰ সমীপৱৰ্তী মেৰেলি পথাৰৰ নিবাসী তথা এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ দেৱজিৎ শৰ্মাৰ নাম এই খিনিতে স্মতব্য । স্কুলীয়া শিক্ষা জীৱনৰ পৰাই এই খেল বিধৰ প্ৰতি আকৃষ্ট হৈ একাণপতীয়াকৈ এক প্ৰকাৰ খেলবিধক জীৱনৰ সংগী হিচাপে লোৱা দেৱজিৎ শৰ্মাই স্থানীয় , জিলা আৰু ৰাজ্যিক পৰ্যায়ত নিজকে এগৰাকী সফল ফুটবল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাত সক্ষম হৈছিল। ৫২ বছৰ বয়সতো খেলবিধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা বৰ্তমান শৰ্মা চাবুৱা ভেটাৰ্ণ ফুটবল দলৰ এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ। ১৯৬৯ চনত জন্ম গ্ৰহণ কৰা আৰু চাবুৱা গ্ৰাম্য স্বাস্থ্য কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মনোমতী শৰ্মা আৰু স্বৰ্গীয় কণক শৰ্মাৰ একমাত্ৰ পুত্ৰ দেৱজিতে চাবুৱা গ্ৰাম্য স্বাস্থ্য প্ৰাথমিক বিদ্যালয়ত ( বৰ্তমান ৰূপকোঁৱৰ প্ৰাথমিক বিদ্যালয়) প্ৰাথমিক শিক্ষা , অসম বিদ্যাপীঠত হাইস্কুলীয়া আৰু ডি ডি আৰ মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। ছাত্ৰাৱস্থাৰ পৰাই ফুটবল খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা শৰ্মাই চাবুৱা অঞ্চলটোৰ অন্যতম ক্ৰীড়া অনুষ্ঠান চাবুৱা বেৰোটন সংঘৰ অন্যতম সুদক্ষ ফুটবল খেলুৱৈ পুতুল বৰুৱা ওৰফে দুদুলৰ পৰা খেলবিধৰ প্ৰতি অনুপ্ৰেৰণা পাইছিল। দেৱজিৎ শৰ্মাই পৰৱৰ্তী সময়ত উক্ত ক্লাবৰ এগৰাকী নিয়মীয়া খেলুৱৈ হোৱাৰ উপৰি নিজৰ দক্ষতাৰ বলত তিনিচুকীয়াৰ ডুমডুমাত সদৌ অসম গ্ৰাম্য খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি (১৯৮৫) ছাই কেন্দ্ৰলৈ নিৰ্বাচিত হৈছিল।খেলৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা শৰ্মাই ১৯৯৯-২০০০ চনত ২১ বছৰ অনুৰ্ধ্ব অসম ৰাজ্যিক ফুটবল দলক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল। ১৯৮৭ চনৰ পৰা একেৰাহে কেইবাৰো ডিব্ৰুগড় জিলাৰ ছাব-জুনিয়ৰ আৰু জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰি চাবুৱাৰ লগতে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডিব্ৰুগড় জিলাখনৰে লেখত ল’বলগীয়া ক্ৰীড়া-সাংস্কৃতিক অনুষ্ঠান ৰূপে পৰিচিত শৰ্মাই মিলনজ্যোতি সংঘৰ ফুটবল দলৰ এগৰাকী নিৰ্ভৰযোগ্য ফুটবলাৰ হিচাপে কেইবাবছৰো দলটোক প্ৰতিনিধিত্ব কৰিছিল। শৰ্মাই পৰৱৰ্তী সময়ত নিজৰ খেলৰ উন্নত মানৰ ক্ৰীড়া শৈলী গুণত অসমৰ আগশাৰী ফুটবল ক্লাব হিচাপে বিবেচিত গুৱাহাটী ডায়নামো ক্লাবত প্ৰতিনিধিত্ব কৰি অসমৰ ফুটবল জগতৰ সন্মানীয় প্ৰতিযোগিতা ক্ৰমে স্বাধীনতা কাপ, বৰদলৈ ফুটবল ট্ৰফি, এ টি পি এ শ্বিল্ড, তেজপুৰ গুগল শ্বীল্ড, চি কৰে শৰ্মা ট্ৰফি, গাৰোডিয়া গ’ল্ফ কাপ, দে এনে ভূঞা কাপ আৰু চেলেঞ্জ কাপ ফুটবলত অংশগ্ৰহণ কৰি শৰ্মাই প্ৰতিভাৰ পৰিচয় দিছিল। অন্যহাতে মিলনজ্যোতি সংঘৰ হৈ শৰ্মাই অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো ফুটবল খেলি কৃতিত্ব অৰ্জন কৰি থৈছে। এগৰাকী সুদক্ষ ফুটবল খেলুৱৈয়ে গাঁৱে ভূঁয়ে অসংখ্য টীমৰ হৈ খেলা শৰ্মাই ইতিমধ্যে ১৯১১ বৰ্ষত এন আই এছৰ ক’ৰ্চাৰ স্বীকৃতিপ্ৰাপ্ত শৰ্মাই সমান্তৰালকৈ এগৰাকী ফুটবল প্ৰশিক্ষক হিচাপে অহৰহ ভাৱে উঠি অহা প্ৰজন্মক ফুটবল প্ৰশিক্ষণত ব্যস্ত। আশী দশকৰ পৰা এই খেলবিধৰ সৈতে জড়িত থকা আৰু ফুটবলৰ জীৱনৰ সৰ্বস্ব জ্ঞান কৰা শৰ্মাই জীৱনৰ বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে অতিক্ৰমী ফুটবল খেলি অহাৰ লগতে বৰ্তমানলৈকে ছয় শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি অন্য এক মাইলৰ খুঁটি পাৰ কৰিছে। শৰ্মাই ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ যেনে ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰ ফুটবল দল, ঘোঁৰামৰা আঞ্চলিক ফুটবল দল, মদাৰখাট আঞ্চলিক ফুটবল দল, টেঙাখাত ফুটবল দল, থানাই চাহ বাগিচা ফুটবল দল, শিয়ালকাটী চাহ বাগিচা ফুটবল দল, খাৰজান চাহ বাগিচা ফুটবল দল, ডিব্ৰুগড় হিলৈধাৰী ফুটবল দল, বগীবিল ফুটবল দল আদি দলক ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰি জনপ্ৰিয় কৰিছিল। শৰ্মাই আনকি চাবুৱা অস্থায়ী সেনা ছাউনীৰ শিখ ৰেজিমেন্ট আৰু কাশ্মীৰ ৰেজিমেন্টত ফুটবল প্ৰশিক্ষণ প্ৰদান কৰি কৃতি অৰ্জন কৰি থৈছে। শৰ্মাৰ তত্বাৱধানতে ফুটবলৰ প্ৰশিক্ষণ লৈ ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিবলৈ সক্ষম হোৱা খেলুৱৈ সকল হ’ল ক্ৰমে অনিমেষ গোহাঁই, কিশোৰ গগৈ, উদয় বৰুৱা, বিচু বড়া, লুইচ বৰুৱা, বিনোদ ৰাজোৱাৰ আৰু উদয় কুমাৰ বৰুৱাৰ নাম এইখিনিতে উল্লেখযোগ্য। এনেদৰেই জীৱনৰ সিংহভাগ সময় ফুটবলতেই আত্মনিয়োগ কৰি অহা এইজন খেলুৱৈয়ে চাৰকাৰৰ সকলোধৰণৰ সা-সুবিধাৰ পৰা বঞ্চিত। দুৰ্দান্ত খেলৰ শৈলীৰে প্ৰতিপক্ষৰ বেহু তচনচ কৰা সক্ষমতা থকা শৰ্মাই চৰকাৰী কোনো বিভাগতে সংস্থাপনৰ সুবিধা নাপালে। উপযুক্ত ক্ৰীড়বিদৰ দ্বাৰা ক্ৰীড়া উত্তৰণৰ বাবে চৰকাৰৰ কোনো সুনিৰ্দিষ্ট নীতি-নিয়ম নতুবা চৰকাৰী বিভাগত সংস্থাপনৰ ক্ষেত্ৰত থকা স্বজন-তোষন নীতিৰ বাবেই হওঁক দুবাৰকৈ শৰ্মা মকৰলৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল। এই ক্ষেত্ৰত শৰ্মাৰ আক্ষেপ থাকিল গ’ল যদিও কেতিয়াও কাহানিও অভিযোগ প্ৰতি-অভিযোগ নকৰা উদাৰ মনৰ দেৱজিতে বৰ্তমানে পানীতোলা স্পৰ্টচ একাডেমী, চাবুৱা কচিং চেন্টাৰ আৰু ৰহমৰীয়াৰ সমীপৰ বিহলঙনীত চাহ বাগিচাত ফুটবল প্ৰশিক্ষণত ব্যস্ত। কৰ্মই ধৰ্ম বুলি বিশ্বাস কৰা দেৱজিতক যদি বৰ্তমানৰ জনকল্যাণমুখী চৰকাৰখনে এধানি আৰ্থিক সাহায্য আগবঢ়ালে পৰৱৰ্তী কালত সমাজখনে আৰু অধিক অৱদান আশা কৰিব পাৰি। আমি প্ৰতিজনে দেৱজিৎ শৰ্মাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু এই আপাহতে কামনা কৰিলোঁ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Orunodoi 3.0 scheme: ৰাজ্যজুৰি অৰুণোদয় ৩.০ আনুষ্ঠানিকভাৱে শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
- Sarania-Kachari Tribe in Assam: জনজাতিৰ প্ৰমাণ পত্ৰ এখনৰ বাবেও সংগ্ৰাম কৰিবলগীয়া হৈছে অসমৰ একাংশ আদিপুৰুষে
- Assam Online Trading Scam: প্ৰমাণ হ’ল – চুমি বৰাৰ হাতোৰা প্ৰসাৰিত হৈছিল ন্যায়পালিকাৰ পৰা কাৰ্যপালিকালৈ !
- Tirupati temple: তিৰুপতি মন্দিৰৰ লাডুত গো-মাংসৰ চৰ্বি!
- Delhi Chief Minister : দিল্লীৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব ?
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়