লংকা
হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যলয়ত আজি উপস্হিত হয়হি ডিজিপি ভাস্কৰ জ্যোতি মহন্ত । লগত উপস্হিত হয় আই জি পি হিৰেন নাথ আৰু ডি আই জি সত্য ৰাজ হাজৰিকা । জিলাখনৰ উচ্চ পদৰ আৰক্ষী বিষয়া সকলৰ লগত জিলা অধীক্ষকৰ কাৰ্য্যলয়ৰ সভাকক্ষত এক আলোচনাত মিলিত হয় ভাস্কৰ জ্যোতি মহন্ত । আলোচনাৰ শেষত সাংবাদিক ৰ সন্মুখত তেখেতে কয় যে বহি ৰাজ্যৰ পৰা হোজাই লৈ বহু মানুহ ৰেলৰ জৰিয়তে অহাৰ বাবে হোজাইত বিশেষকৈ সতৰ্কতা অৱলম্বন কৰিব লগা হৈছে । উল্লেখ্য যে ২ মে নিশা মুম্বাই পৰা ডিব্ৰুগড় লৈ যোৱা যাত্ৰীবাহী ৰেলগাড়ী খন হোজাইৰ শিববাড়ী ৰেল ক্ৰছিঙৰ ওচৰত নিশা ৰেলৰ চেইন টানি বহুকেইজন যাত্ৰী পলায়ন কৰে। অৱশ্যে পিছত পলায়ন কৰা সকলক চি আৰ পি এফ আৰু আৰ পি এফ বাহিনীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰেলৰ পৰা চেইন টানি পলায়ন কৰা ব্যাক্তিসকলৰ ক্ষেত্ৰত কঠোৰ হ’বলৈ হোজাই আৰক্ষী প্ৰশাসনক ভাস্কৰ জ্যোতি মহন্তই নিৰ্দেশ দিয়ে। তেখেতে কয় যে লোকৰ জীৱন আশংকা কৰা,লোকৰ বিপদ মাতি অনা, ষড়যন্ত্র দায়ক এনে ব্যক্তিৰ বিৰুদ্ধে আই পি চি 336 ধাৰা লগোৱা লগতে সাধাৰণ ধাৰা লগোৱা হব । অনাগত দিনবোৰতো হোজাইলৈ আহিবলগীয়া লোকসকলৰ প্ৰতি তেখেতে অনুৰোধ কৰি কয় যে এনেকুৱা কাম যাতে নকৰে, এনে কৰিলে গোটেই জীৱনটো কেছ চলাৰ লগতে অশান্তি পাই থাকিব।