Breaking

বকোৰ বন্দাপাৰাত ধনিছা সাৰ বিতৰণী অনুস্থান

0 2,039

ৰাজ্যৰ কৃষি খণ্ডৰ জৰিয়তে কৃষকক উপকৃত কৰা আৰু কৃষকৰ ফচল উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষি বিভাগে প্ৰদান কৰি আহিছে বহু প্ৰকাৰৰ উন্নত মানৰ সাৰ। তেনে এবিধ সাৰ হৈছে ধনিছা সাৰ। উল্লেখ্য যে ; মিচন নিউ ইণ্ডিয়াৰ নৰেন্দ্ৰ মোদী বিচাৰ মঞ্চ নামৰ সংস্থাৰ কামৰূপ জিলা সমিতিৰ বিষয়া মনোমোহন ৰাভাই জনোৱা মতে আজি বকোৰ বন্দাপাৰাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৬০ গৰাকী কৃষকক বিতৰণ কৰে ধনিছা সাৰ। জানিব পৰা মতে ; ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ বকোস্থিত মহকুমা কৃষি বিষয়াৰ তৎপৰতাত মিচন নিউ ইণ্ডিয়াৰ কৰ্মকৰ্তাৰ সহযোগত বন্দাপাৰাৰ গ্ৰামাঞ্চলত বিতৰণ কৰে সাৰ খিনি। কৃষি ক্ষেত্ৰত সাৰ বিতৰণ সন্দৰ্ভত সংস্থাটোৰ কৰ্মী মনোমোহন ৰাভাই জনোৱা মতে এই উন্নত মানৰ সাৰ বিধে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে আৰু ফচল উৎপাদন বৃদ্ধি হয়।

Leave A Reply

Your email address will not be published.