Breaking

বক্সিং ৰাণীক আদৰিবলৈ সাজু ধনশিৰি বাসী 

0 1,596

ব্ৰঞ্জৰ পদকেৰে ভাৰতবাসীলৈ বিশ্ব ইতিহাসৰ এটি বৰ্ণিল অধ্যায় আজুৰি অনা অসম কন্যা লাভলীনা বৰগোহাঁইক আদৰিবলৈ উখল মাখল হৈ পৰিছে সমগ্ৰ  ধনশিৰি মহকুমা । মহকুমাটোৰ প্ৰত্যেকজন  ব্যক্তি, আত্মীয়-কুটুম,  গাঁও বাসী,  অধ্যয়ন কৰা বিদ্যালয় কেইখনৰ শিক্ষক-শিক্ষয়িত্ৰী, প্ৰশিক্ষক, সহপাঠী, ৰাজনৈতিক-অৰাজনৈতিক   দল-সংগঠন, বিত্তীয় প্ৰতিষ্ঠান আদি সকলোৱে ব্যাপক তৎপৰতাৰে সাজু হৈছে বক্সাৰগৰাকীক স-সন্মানেৰে আদৰিবলৈ । মহকুমাটোৰ লগতে বৰপথাৰ নগৰৰ পৰা লাভলীনাৰ ঘৰলৈ যোৱা পথটি এতিয়া  ভৰি পৰিছে লাভলীনালৈ  অভিনন্দন আৰু স্বাগতম জনোৱা  বেনাৰ,  হৰ্ডিং আৰু তোৰণেৰে  । ইফালে কেঁচা মাটিৰ গোন্ধত বোকা পানী খছকি ডাঙৰ দীঘল হোৱা বৰপথাৰৰ সেই বিশেষ গাঁও খনত চলিছে মৰমৰ লাভলীনাক আদৰাৰ অন্তহীন প্ৰস্তুতি। ওপজা গাঁও বাৰমুখীয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে এতিয়া  বক্সাৰগৰাকীক  আদৰিবলৈ ৰৈ আছে অতি ব্যাকুলতাৰে । গাঁও খনত এতিয়া বিৰাজ কৰিছে এক অনন্য উখল মাখল পৰিৱেশে।  গুনা গঁথা চলিছে বাৰমুখীয়া ৰাইজৰ মাজত, কিদৰে আদৰিলে   সুখী হ’ব তাকে লৈ। কিন্তু সৰলমনা হাঁহি মুখীয়া  লাভলীনাক যিদৰেই   আদৰণি নজনাওক কিয় তাতেই সুখী হব । তথাপিও যেন গাঁও বাসীয়ে ক্ৰুটি ৰাখিব বিচৰা নাই । লাভলীনাৰ ঘৰখনটো প্ৰত্যেক দিনাই এতিয়া উথপ থপ পৰিবেশ । গাঁৱৰ মহিলাসকলে বিহু নাম গাই নাচি বাগি ঘৰখন কৰি তুলিছে ৰঙালী বিহুৰ দিনকেইটাৰ দৰে। লগতে লাভলীনালৈ বুলি পৰম্পৰাগত পিঠা পনা,  জলপান আদি বনাই ব্যস্ত হৈ পৰিছে মহিলাসক। নিভাঁজ  গাৱলীয়া খাদ্য খাই ভালপোৱা লাভলীনাৰ বাবে প্ৰিয় খাদ্যৰো যা যোগাৰ কৰিছে সকলোৱে । লাভলীনাৰ ওপজা আপোন ঘৰখন, চিনাকী পদুলিতো লগতে তামোল পানেৰে ভৰা বাৰীখনো পৰিস্কাৰ পৰিচ্ছন্ন কৰি ধুনীয়া কৰি তুলা হৈছে।  আনহাতে লিচা আৰু লিমা দুই ভগ্নী ইতিমধ্যেই লাভলীনাৰ বাবেই নিজ কৰ্মস্হলীৰ পৰা ছুটী লৈ  ঘৰত আহি উপস্থিত হৈছেহি।  উল্লেখযোগ্য যে প্ৰায় এটা বছৰেই পৰিয়ালৰ কাৰোৰে লগত সোশৰীৰে সাক্ষাৎ হোৱা নাই লাভলীনাৰ । লগতে  সৰু জীয়াৰীক  চাবলৈ অতি আকুলতাৰে  পদুলিলৈ বাট চাই আছে মাতৃ মামণি বৰগোহাঁই। ইপিনে   টকিঅ’ৰ পৰা আহি স্বদেশত ভৰি থোৱাৰ দিনাৰে পৰা পিতৃ টিকেন বৰগোহাঁই কেইজনমান সতীৰ্থসহ ইতিমধ্যে  লাভলীনাৰ কাষত আছেগৈ।

  ইফালে ধনশিৰি মহকুমা বাসীয়ে লাভলীনাক পৰম্পৰাগত ভিন্ন ভিন্ন  জাতীয় কৃষ্টি-সংস্কৃতিৰ বৃহৎ শোভাযাত্ৰাৰে   ওপজা ঘৰখনলৈকে আদৰি আনিবলৈ ব্যাপক  প্ৰস্তুতি অব্যাহত ৰাখিছে । আনহাতেদি  পথৰ দুয়োকাষে থকা হাবি বন কাটি পৰিস্কাৰ কৰাৰ লগতে দুয়োকাষে থকা গছ-গছনি,  বিদ্যুতৰ খোটা আদি সকলোতে চূনৰ ৰং সানি আটক ধুনীয়া কৰি তোলা হৈছে । এনেদৰেই এক সুন্দৰ পৰিবেশৰ মাজেৰে আহি অহা 17 আগষ্ট মঙ্গলবাৰে  ওপজা ঘৰখনত ভৰি দিবহি লাভলীনাই।ইপিনে আন এক গুৰুত্বপূৰ্ণ বিষয় এইখিনিতে উল্লেখ কৰিব লাগিব যে এগৰাকী অৰ্জুন বঁটা প্ৰাপ্ত খেলুৱৈৰ ঘৰলৈ যোৱা পথৰ অৱস্থা দুটামান দিনৰ আগলৈকে আছিল অতিকে শোচনীয় । বাৰিষাটো বাদেই খৰালি কালটো জৰাজীৰ্ণ হৈ থাকে এই পথটি । কিন্তু লাভলীনাৰ সফলতাৰ পাছতেই যেন সুদিন ঘুৰি আহিছে বাৰমুখীয়া গাঁও খনলৈ। বৰপথাৰৰ পাভজান তিনি আলিৰ পৰা অকণমান আগলৈ গৈ লাভলীনাৰ ঘৰলৈ সোমাই যোৱা সেই জৰাজীৰ্ণ কেচা পথটিৰ পকীকৰণৰ কাম ইতিমধ্যে নব্বৈ শতাংশই সম্পূৰ্ণ হৈছে।   স্থানীয় বিধায়ক গৰাকীৰ নিজা তৎপৰতাত লোক নিৰ্মাণ বিভাগে ক্ষীপ্ৰতাৰে কাম কৰি আছে। উল্লেখ্য যে কেই মাহ মানৰ  আগেয়ে গোলাঘাট জিলাৰ তদানীন্তন উপায়ুক্ত এগৰাকীয়ে উক্ত পথটি পকীকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও মাত্ৰ কেইগাড়ী মান চেনগ্ৰভেল পেলাইয়েই কাম সামৰা দেখা গল।

     মাত্ৰ তেইশটা বসন্ত গৰকি বিশ্বৰ বৃহৎ ক্ৰীড়া মহাৰণ  অলিম্পিকত  পোন প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিয়েই  ভাৰতলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনি অসমৰ 125 বছৰীয়া  ইতিহাসৰ অন্তত সোনালী আখৰেৰে বিশ্ব বন্দিত হোৱা প্ৰথম গৰাকী অসমীয়া  লাভলীনা বৰগোহাঁইক লৈ এতিয়া সকলো গৌৰাৱান্বিত। এইবাৰৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে বিশেষ অনুষ্ঠানত অংশগ্ৰহন কৰাৰ পিছতেই 17 আগষ্টৰ দিনা ওপজা ভূমি বৰপথাৰ পাবহি । বক্সাৰগৰাকীয়ে স্বভূমিত প্ৰৱেশ কৰিয়েই বৰপথাৰ নগৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ কথা আৰু তাৰ পৰা বাহিৰে বাহিৰে আপোন ঘৰখনত গৈ ভৰি দিবগৈ। আৰু  কিছুদিনৰ বাবে বাৰমুখীয়াৰ ঘৰখনতেই পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব বক্সিং ৰাণী লাভলীনা বৰগোহাঁইয়ে।

Leave A Reply

Your email address will not be published.