Breaking

ধৰমজুলি চাহ বাগিছা ফুটবল দলৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ

0 1,572

দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৪ আগষ্টৰ পৰা ৰজাগড় গাৰোবস্তী খেলপথাৰত অনুষ্ঠিত ফুটবল খেলৰ অনুষ্ঠিত ফাইনেলত ধৰমজুলি চাহ বাগিছা ফুটবল দলে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷ আজিৰ ফাইনেলত ধৰমজুলি চাহ বাগিছা ফুটবল দলে ডিমাকুছি টাউন ফুটবল দলক ২ – ০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি বীজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হ’য় ৷

প্ৰতিযোগিতা খনিত ধৰমজুলি দলৰ অবিনাশ বাৰাইকে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰাৰ বিপৰীতে খেলখন পৰিচালনা কৰে ক্ৰমে উপেন বাগলাৰী , বুবুল চন্দ্ৰ বড়ো , ধৰ্মেশ্বৰ বড়ো আৰু বিৰখৌদাউ মুছাহাৰীয়ে ৷ গৌতম শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকে অসম ফুটবল সন্থাৰ উপ সভাপতি লক্ষীৰাম বড়ো , খেল পৰিচালনা সমিতিৰ সভাপতি দীপক মালাকৰ , বিজেপি নেতা জোশ্ৰাং বড়ো আৰু ফটিক কছাৰী প্ৰমুখ্যে বহু সংখ্যক ক্ৰীড়া প্ৰেমী লোক।

Leave A Reply

Your email address will not be published.