Breaking

ধেমাজিৰ চকুলো জীয়াঢল নদীৰ গতিপথ সলনি : সম্ভাব্য বানৰ পৰা মুক্ত বহু পঞ্চায়ত

0 1,848

প্ৰতি বছৰে বাৰিষা আহিলেই ধেমাজিৰ শশ গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷কাৰণ জীয়াঢল কুমটীয়া আৰু গাইনৈইৰ বানে তাণ্ডৱ সৃষ্টি কৰে ধেমাজি জিলাৰ কেইবাটাও পঞ্চায়তৰ শশ গাঁও ৷ প্ৰতি পাঁচ বছৰ মুৰে একোখনকৈ চৰকাৰ আহে আৰু যায় ৷ভোটৰ লালসাত দলীয় বিয়াগোম বিয়াগোম নেতা সকলে এই বানে সৰ্বস্বান্ত কৰা অঞ্চললৈ কেৱল ভুৰা প্ৰতিশ্ৰুতি দি আহে ,কিন্তুু নিৰ্বাচনৰ পিছত ফুটুকাৰ ফেন ৷ইফালে ঠিকাদাৰ সৈতে কমিচনৰ অংকত নামি পৰে জলসম্পদ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী ৷

এই ধেমাজিৰ চকুলো জীয়াঢল নদীয়ে বিগত সময়চোৱাত বানৰ বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ধেমাজিৰ জলসম্পদ বিভাগ আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদে  জীয়াঢল নদীখনৰ অৰ্জুন চাপৰিত দুই কিঃমিঃ মথাউৰি নিৰ্মাণ কৰি দিয়াত নদীখনে পূৰ্বৰ গতিপথলৈ সলনি হোৱাত বিভাগটোৱে এক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি কব লাগিব ৷ ধেমাজি জলসম্পদ বিভাগে জীয়াঢ়ল নদীখনৰ অৰ্জুন চাপৰিত ১.৫০ মিটাৰ কফাৰ ডেেম নিৰ্মাণৰ বাবে প্ৰায় ৮০ লাখ টকা আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদে ৫০০ মিটাৰ নিৰ্মাণৰ বাবে প্ৰায় ৩০ লাখ টকাৰ এই আঁচনিখনৰ বাবে প্ৰাকক’লন  তৈয়াৰ কৰিছে ৷ এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে  অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক  ডাঃ ৰণোজ পেগুৰ  ভূমিকা  আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ ১৪ নং জীয়াঢ়ল সমষ্টিৰ সাধাৰণ সদস্য বানীকান্ত দলেৰ সহযোগত এই জীয়াঢ়ল নদীখনৰ গতিপথ সলনি কৰি বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিবলৈ সক্ষম হৈছে ৷প্ৰায় ১ কোটি ২০ লাখ টকাৰ ব্যয় সাপেক্ষে জলসম্পদ বিভাগৰ কোনো গাইড লাইন নামানি মুনিন্দ কুমাৰ দলে আৰু বানীকান্ত দলে দুয়োজনৰ প্ৰচেষ্টাত যাৰ  বৰ্মন গাওঁ , পাতিৰ চুক , লাগাচু চুক , বৰ মথাউৰি , দীঘল গঢ়া , তিনিঘৰীয়া , কেকুঁৰি , দিহিৰি , নলামুখকে আদি কৰি প্ৰায় পোন্ধৰ খন মান গাঁঁৱঁৰ শশ পৰিয়ালে এইবাৰ বানৰ পৰা কিছু হলেও পৰিত্ৰান পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷   অসম চৰকাৰ  শিক্ষামন্ত্ৰী হিচাপে গধুৰ দায়িত্ব লাভ কৰা  ধেমাজিৰ বিধায়ক ডাঃ পেগুৱে সমষ্টিৰ ৰাইজৰ  প্ৰতিটো ক্ষেত্ৰত যি সহাঁয়ি জনাই অহিছে ইয়াৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ৷ উল্লেখ্য যে কিছুদিনৰ আগেয়ে ধেমাজিৰ বান পৰিস্থিতি  বুজলবলৈ  অহা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুয হাজৰিকাই অনাগত দিনত জিলাখনৰ মথাউৰি সমুহ খৰালিতে সম্পূৰ্ণ কৰা আশ্বাস প্ৰদান কৰে ৷ইয়াৰ উপৰিও  বৰ্তমান বানৰ কেনেকৈ জিলাখনে ৰক্ষা পাব তাকলৈ তৎকালীন ব্যৱস্থা কৰিবলৈ বিভাগ সমুহৰ নিৰ্দেশ দিছিল ৷ যাৰ ফলশ্ৰুতিত বিভাগটোৱে তৎকালীন ব্যৱস্থা কৰি নদীখনৰ গতিপথ সলনি কৰাৰ আঁচনিখন গ্ৰহণ কৰিছে বুলি জানিব পৰা হৈছে ৷
অৱশ্যে আগন্তুক বানত ধেমাজি বাসী ৰাইজে ৰক্ষা পাবনে তাকলৈ সচেতন ৰাইজৰ ডাঙৰ প্ৰশ্ন ৷কাৰণ বাৰিষা আৰম্ভ হৈছেহে মাথোঁ ৷

Leave A Reply