Breaking

গড়কাপ্তানী বিভাগৰ ৰঙাফিটাৰ মেৰপেছত ধিঙৰ এটি পথ‌ ।

0 2,039

নগাঁও জিলাৰ ধিঙৰ এটি গুৰুত্ব পূৰ্ণ পথ । আজিৰ পৰা প্ৰায় পাঁচ মাহ পূৰ্বে পথৰ কাম আৰম্ভ কৰা বুলি বিভাগীয় ফলকত উল্লেখ কৰা হৈছে যদিও বাস্তৱক্ষেত্ৰত তাৰ বিপৰীত ছৱিখনহে দেখিবলৈ পোৱা গৈছে । ধিঙৰ নামডুমীয়াৰ পৰা মধ্য লেঙেৰীবৰীলৈ মুঠ ৮ কি: মি: পথ ৪,৫৯,৪২,৩০০’০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও সেইয়া পথৰ নাম ফলকতে সীমাবদ্ধ থাকিল । বিভাগৰ ৰঙাফিটাৰ মেৰপেছত সোমাই ঠিকাদাৰে আজিলৈকে পথৰ কাম আৰম্ভ কৰিব পৰা নাই । যাৰ ফলস্বৰূপে দুৰ্ভোগ ভুগিব লগাত পৰিছে অঞ্চল টোৰ সাধাৰণ ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰী সকলে । পথটোৰ দুৰৱস্থাৰ বাবে বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈ আহিছে । পথটোৰ নিৰ্মাণৰ প্ৰাককলন প্ৰস্তত কৰোতেই বিভাগীয় কৰ্তৃপক্ষই ভূল কৰা বাবে আজিও পথটিৰ কামত হাত দিব পৰা নাই কামৰ ঠিকাদাৰে । এফালে চৰকাৰৰ গড়কাপ্তানি বিভাগৰ ৰঙাফিটাৰ মেৰপেছ আৰু আনফালে সৰ্বসাধাৰণ ৰাইজৰ দুৰ্ভোগ । তাৰ মাজতেই ৰাইজৰ আহ্বান অনতিপলমে পথৰ কাম আৰম্ভ কৰক বিভাগীয় কৰ্তৃপক্ষই ।

Leave A Reply

Your email address will not be published.