Breaking

Dhing Minor rape case: ধিংকাণ্ড: আত্মসমৰ্পণৰ পিছতে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তই জেৰাত কি কলে আৰক্ষীক ?

55

অৱশেষত ধিঙৰ কিশোৰী ছাত্ৰীৰ ধৰ্ষণৰ ঘটনাৰ আন দুটা অন্যতম অভিযুক্তই কৰিলে আত্মসমৰ্পণ(Dhing Minor rape case) ৷ নগাঁৱৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ফৰিদুল আৰু গোলাপ উদ্দিন নামৰ এই দুই অভিযুক্তৰ আত্মসমৰ্পণ(Dhing rape case accused) ।

নগাঁও, ৭ ছেপ্টেম্বৰ: সমগ্ৰ ৰাজ্য কঁপাই যোৱা ধিঙৰ কিশোৰী ছাত্ৰীৰ ধৰ্ষণকাণ্ডৰ আন দুটা অভিযুক্তই অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে (Two Accused Surrender)৷ ৬ ছেপ্তেম্বৰৰ সন্ধিয়া নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ এই দুই অভিযুক্তৰ । যোৱা 22 আগষ্টৰ সন্ধিয়া টিউচনৰ অন্তত পৰা ঘৰলৈ ঘূৰি গৈ থকা অৱস্থাতে ধৰ্ষণৰ বলি হৈছিল ধিঙৰ দশম শ্ৰেণীৰ এগৰাকী কিশোৰী ছাত্ৰী(Dhing Minor rape case) । ছাত্ৰীগৰাকীক তিনি যুৱকে ধৰ্ষণ কৰি অচেতন অৱস্থাত পথৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছিল ।

ঘটনাক কেন্দ্ৰ কৰি নগাঁৱও জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে সাব্যস্ত হৈছিল উত্তাল প্ৰতিবাদ । এই নাৰকীয় ঘটনাটো সংঘটিত হোৱাৰ এদিন পাছতেই এই ঘৰ্ষণকাণ্ডত জড়িত তফাজ্জুল নামৰ এটা অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷কিন্তু সেই নিশাই আৰক্ষীয়ে অনুসন্ধানৰ বাবে ঘটনাস্থলীলৈ লৈ যোৱাৰ অৱস্থাতেই পলায়নৰ চেষ্টা কৰি ঘটনাস্থলীৰ কাষৰ এটা পুখুৰীত পৰি মৃত্যু হৈছিল অভিযুক্ত তফাজ্জুলৰ ।

অভিযুক্ত তফাজ্জুলৰৰ লগতে এই ধৰ্ষণৰ ঘটনাৰ সৈতে নাম সাঙোৰ খাইছিল ধিঙৰ আন দুই যুৱক ফৰিদুল আৰু গোলাপ উদ্দিনৰ (Dhing rape case accused)। ইয়াৰ পাছৰ পৰাই আত্মগোপন থকা দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনক বিচাৰি নগাঁও জিলাৰ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছিল যদিও এই দুই অভিযুক্তক আটক কৰিব পৰা নাছিল আৰক্ষীয়ে ।

অৱশেষত অৱশেষত ঘটনাৰ দুসপ্তাহৰ পাছত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মধ্যস্থতাত পলাতক দুই অভিযুক্তই শুকুৰবাৰে আত্মসমৰ্পণ কৰিলে । শুকুৰবাৰে বিয়লি ধিংকাণ্ডৰ এই দুই অভিযুক্তই সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বৰ সহযোগত নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়ত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় । অৱশ্যে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতৃত্বই এই দুই অভিযুক্তৰ বিৰুদ্ধে নিৰপেক্ষ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক দাবী জনায় ।

লগতে সংগঠনটোৰ নেতৃত্বই জনোৱা মতে, ফৰিদুল আৰু গোলাপ উদ্দিনে নিজকে নিৰ্দোষী বুলি উল্লেখ কৰি তফাজ্জুলৰ মৃত্যুৰ বাবেহে আতংকিত হৈ আত্মগোপন কৰি আছিল ৷ এইক্ষেত্ৰত আৰক্ষীৰ নিৰপেক্ষ তদন্তত দুয়ো যদি অপৰাধী বুলি প্ৰমাণিত হয়, তেন্তে দুয়োকে উপযুক্ত শাস্তি বিহিবলৈ দাবী জনাইছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ৷

নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহযোগতে দুই অভিযুক্তই আত্মসমৰ্পণ কৰাৰ কথা উল্লেখ কৰে । লগতে দুই অভিযুক্তৰ পৰিয়ালে আৰক্ষীৰ সৈতে যোগাযোগ কৰি তেওঁলোকে যে আত্মসমৰ্পন কৰিব বিচাৰে সেই কথা অৱগত কৰা বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

ঘটনাৰ সময়ত তফাজ্জুলৰ সৈতে আত্মসমৰ্পণ কৰা দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিন একেখন বাইকতে থকাৰ প্ৰমাণ আৰক্ষীয়ে চলোৱা অনুসন্ধানত লাভ কৰা বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে উল্লেখ কৰে । ইতিমধ্যে এই সকলো তথ্য প্ৰমাণ আদালতত দাখিল কৰা বুলিও জনালে আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই ।

উল্লেখযোগ্য যে, শুকুৰবাৰে সন্ধিয়া নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অভিযুক্ত দুটাই আত্মসমৰ্পণ কৰাৰ পাছতে গ্ৰেপ্তাৰ কৰি দুয়োকে তীব্ৰ জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । 

Comments are closed.