ধুবুৰী, ৭ নৱেম্বৰ : ধুবুৰী (Dhubri) জিলাৰ কাছাৰীহাট শাখা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী জিলা সাহিত্য সভাৰ দিনজোৰা কাৰ্যসূচীৰে ধুবুৰী জিলা সাহিত্য সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ আৰু কুঁহি অনুষ্ঠান কেইটা নৃত্য গীত- মাত, অসম সাহিত্য সভাৰ জয়ধ্বনিৰে কাছাৰীহাটৰ আকাশ-বতাহ মুখৰিত হৈ পৰে।
জিলা সভাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ সভাপতি তথা সাহিত্যিক গীতালী বৰুৱা সভাপতিত্ব বহা সভা খনত মুখ্য অতিথি হিচাবে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মা উপস্থিত আছিল।লগতে ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহ অনুষ্ঠানত ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড৹ অলকা শৰ্মাই ধ্ৰুপদী ভাষা গৌৰৱ সপ্তাহৰ তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে।
কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত কাছাৰীহাট শাখা সাহিত্য সভাৰ সুভাষ চন্দ্ৰ ৰায় সম্পাদক কাব্যান্দু বিকাশ অতিথি সকলক ফুলাম গামোছাৰে আদৰণী জনায়। অভ্যৰ্থনা সমিতিৰ সভাপতি মেহবুব হুছেইনে আদৰণী ভাষণ প্ৰদান কৰে। বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত লেখক তৰনীকান্ত ৰায়ৰ ‘ডাঙ্কাৰ বিলৰ মাছ ‘ গ্ৰন্থ খন আনুষ্ঠানিক ভাবে উন্মোচন কৰে অসমৰ সাহিত্য সভাৰ প্ৰধান সম্পাদক ড৹ উপেন্দ্ৰজিৎ শৰ্মাই। লগতে সাহিত্যিক গীতালী বৰুৱা প্ৰকাশিত বহুকেইখন গ্ৰন্থ কাছাৰীহাট শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল হাতত অৰ্পণ কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মোছলেমউদ্দিন আহমেদে ।তাৰোপৰি লেখক মুকুল কুমাৰ নাথৰ ‘মানৱতাৰ ঠিকনা বিচাৰি ‘গ্ৰন্থ খন কাছাৰীহাট সাহিত্য সভাক অৰ্পণ কৰে। সভাৰ আৰম্ভণীতে”চিৰ চেনেহী মোৰ ভাষা জননী” গীত আৰু সামৰণিত জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ ‘ সমবেত সংগীতেৰে কাছাৰীহাট অনুষ্ঠানৰ সমৰণি পৰে।