হঠাৎ ধুবুৰী -ফুলবাড়ি দলং নিৰ্মাণ কামৰ শ্ৰমিক সকলৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে । কিন্ত কিয় প্ৰতিবাদ সাব্যস্ত কৰি গৰজি উঠিল ধুবুৰী -ফুলবাড়ি দলং নিৰ্মান কামৰ শ্ৰমিক সকলে । অভিযোগ অনুসৰি শ্ৰমিক সকলৰ এই প্ৰতিবাদ হৈছে এল এণ্ড টি নামৰ কোম্পানীটোৰ বিৰুদ্ধে । প্ৰায় ৩০/৩৫ জন শ্ৰমিক সকলে ধুবুৰী -ফুলবাড়ি দলং নিৰ্মাণত কাম কৰি আহিছিল যদিও পাচ মাহ ধৰি কামৰ প্ৰাপ্ত ধন পোৱা নাই । পিছে ঠিকাদাৰৰ অধিনত থকা এই সকল শ্ৰমিকক ঠিকাদাৰেও দিব পৰা শ্ৰমিক সকলৰ মজুৰি ।
আচলতে এল এণ্ড টি নামৰ কোম্পানীটোৱে সময় মতে প্ৰদান কৰা নাই শ্ৰমিক সকলৰ প্ৰাপ্ত ধন বুলি অভিযোগ উত্থাপন কৰিলে ভুক্তভোগী শ্ৰমিক সকলে । ১২ ঘন্টা কাম কৰাৰ পাছত সময় মতে প্ৰাপ্ত ধন নোপোৱা ফলত এই সকল শ্ৰমিকৰ পৰিয়ালত হৈছে চৰম কষ্ট । ইয়াৰ উপৰিও কম্পানীটোৰ পৰা শ্ৰমিক সকলে নিজৰ প্ৰাপ্ত ধন বিছাৰিলে কাম এৰি দিবলৈ কয় বুলি অভিযোগ উত্থাপন কৰিলে ভুক্তভোগী শ্ৰমিক সকলে । দৰাচলতে শ্ৰমিক সকলে নিজৰ প্ৰাপ্ত ধন আদায় বাবে উপায়হীন হৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে ।