Breaking

Dhubri Women’s protest ধুবুৰী জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ উদ্যোগত নাৰী নিৰ্য্যাতন, ধর্ষণ, হত্যা আৰু নেচাজাতীয় দ্ৰব্যৰ প্ৰতিবাদত বিক্ষোভ সমদল।

0 20

ধুবুৰীত জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ উদ্যোগত নাৰী নিৰ্য্যাতন, ধর্ষণ, হত্যা আৰু নেচাজাতীয় দ্ৰব্যৰ প্ৰতিবাদত বিক্ষোভ সমদল উলিয়ায়।

Dhubri Women’s protest

হত্যা আৰু ধৰ্ষণ বন্ধ কৰক, হত্যাকাৰীৰ উচিত বিচাৰ চাই, মদ ড্ৰাগছ বন্ধ কৰক আদি শ্লোগানেৰে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।বর্তমান সমগ্র দেশতে ধর্ষণ আৰু হত্যা ভয়ানক বৃদ্ধি পাইছে। শেহতীয়াকৈ কলিকতাৰ আৰ, জি. কৰ হাসপতালত ডাঃ ক নৃশংসভারে ধৰ্ষণ কৰি হত্যা কৰাক লৈ আজি এই প্ৰতিভা সাব্যস্ত কৰা পৰিলক্ষিত হয়।

Dhubri Women’s protest

ধুবুৰী জিলা নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ সভানেত্ৰীয়ে কয় যে ধর্ষণ আৰু হত্যাকাৰীৰ শাস্তিৰ অভাবত ধৰ্ষণকাৰীৰ সাহস দিনে দিনে বৃদ্ধি পাই আছে। তেওঁ লগতে কয় যে আমাৰ সমস্যাৰ আন এটি কাৰণ হ’ল, মদ-ড্রান্স আদি নিছাযুক্ত দ্ৰব্যৰ বেহা ৰমৰমাকৈ চলি আছে।

Dhubri Women’s protest

পথে ঘাটে মদ, টেবলেট আদি বেচা-কিনা চলি আছে আৰু সেই নিছাযুক্ত দ্রব্য খাই যুবক সকলে সমাজত বিশৃঙ্খলতাৰ সৃষ্টি কৰি আছে। নাবালিকৰ পৰা বৃদ্ধাৰ ওপৰত অত্যাচাৰ কৰতেও দ্বিধাবোধ কৰা নাই। স্কুল, কলেজ আনকি চাকৰিৰ ক্ষেত্ৰতো মহিলাৰ সুৰক্ষা নোহোৱা হৈছে।

Dhubri Women’s protest

মুঠতে বর্তমান আমি এক আতংকিত জীবন যাপন কৰিছো। সেয়েহে এনে জটিল পৰিস্থিতিত চৰকাৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আজি ধুবুৰী জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

লগতে পঢ়ক :ৰঙিয়াৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানৰ চৰম অৰাজকতা ! ৪০০ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি ইউক্লিড‍ ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ…/

Leave A Reply

Your email address will not be published.