আলুত কাৰ্বহাইড্ৰেট আৰু গ্লাইচেমিক ইনডেক্স বেছি থাকে। গতিকে ডায়েবেটিছ ধৰা পৰিলে আলু বেছিকৈ খোৱাৰ পৰা বিৰত থাকে বহু মানুহ! পুষ্টিবিদসকলৰ মতে, যদি আপুনি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় তেন্তে আপুনি আলুৰ পৰিমাণৰ ওপৰত চকু ৰাখিব লাগিব। আলু অতিমাত্ৰা সিজোৱা উচিত নহয়। ইয়াৰ বাহিৰেও আলু সিজাই ফ্ৰীজত ৰাখিব পাৰি। সিজোৱা আলু ফ্ৰীজত ৰাখিলে ইয়াৰ গ্লাইচেমিক ইনডেক্স কম হয়। আলুত থকা ষ্টাৰচ প্ৰায়ে আঁহলৈ ৰূপান্তৰিত হয়। বহুতে আলু ভিনেগাৰৰ দ্ৰৱতো তিয়াই লয়। এই কৌশলে আলুৰ গ্লাইচেমিক ইনডেক্সো হ্ৰাস কৰে। এক অধ্যয়ন অনুসৰি ভিনেগাৰত থকা এচিটিক এচিডে কাৰ্বহাইড্ৰেট শোষণ ক্ষমতা হ্ৰাস কৰিব পাৰে। ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
আলু খোৱাৰ আগতে বহু পৰিমাণে শাক-পাচলি খাব পাৰে। আলু খোৱাৰ আগতে প্ৰচুৰ পৰিমাণে আঁহ খালে কাৰ্বহাইড্ৰেটৰ হজম লেহেমীয়া হয়। ফলত হঠাতে তেজৰ চেনিৰ পৰিমাণ বৃদ্ধি হোৱাৰ আশংকা নাথাকে।