নৃত্যৰ প্ৰতিভাৰে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলিল ডিব্ৰুগড় এক অগ্ৰণী অনুষ্ঠান “কালাৰ্চ”। উৰিষ্যাৰ পুৰীত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় শ্ৰী জগন্নাথ ধাম নৃত্য আৰু সংগীত উৎসৱত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ সাত গৰাকী কৈ প্ৰতিযোগীয়ে বিভিন্ন শাখাত নৃত্য প্ৰদৰ্শনেৰে বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ’ল।(Dibrugarh)
চাবুৱাৰ দৃষ্টি গোস্বামী আৰু কুৱলী লেখাৰু শইকীয়াই নৃতশ্ৰী, চক্ৰনয়ন আৰু ৰাজমণী বটা লাভ কৰিলে। ধৰিত্ৰী দিহিঙ্গীয়া আৰু পিংকি সোণোৱালে লোকনৃত্য বিহু, ভাৰত নাট্যম আৰু উপ শাস্ত্ৰীয় নৃত্য প্ৰদৰ্শন কৰি আন্ত:ৰাষ্ট্ৰীয় নৃত্যমণি, শ্ৰীক্ষেত্ৰ আৰু ৰাজশ্ৰী বঁটা লাভ কৰিলে।
অৰ্পিতা কাশ্যপ,ভিতালী সোণোৱাল আৰু তেহচিন হুচেইনে ক্ৰমে আন্ত:ৰাষ্ট্ৰীয় নৃতশ্ৰী আৰু চক্ৰ নয়ণ বটাৰে সন্মানিত হ’ল। আনহাতে,নৃত্য দলটিৰ প্ৰশিক্ষক বিউটি লেখাৰু শইকীয়াক গুৰু গৰিমা সন্মান আৰু কালাৰ্চৰ পৰিচালন সঞ্চালক অমল শইকীয়াক গুৰু গৌৰৱ সন্মান বটাৰে বিভূষিত কৰে।এই খবৰ লাভ কৰাৰ পিছতে এতিয়া সমগ্ৰ ডিব্ৰুগড় জিলাবাসী ৰাইজ আনন্দত উৎফুল্লিত হৈ পৰিছে।
উল্লেখ্য যে, চাবুৱাস্থিত কালাৰ্চ ইনষ্টিটিউত হৈছে এনে এখন প্ৰতিষ্ঠান, যি সংগীত, নৃত্য আৰু বাদ্য যন্ত্ৰৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলক তথা গ্ৰামাঞ্চলৰ প্ৰতিভা বিকাশৰ বাবে এক সঞ্জীৱনী বাট সৃষ্টি কৰি দিছে।