অৱসৰপ্ৰাপ্ত ৰাজপত্ৰিত বিষয়া তথা টেঙাখাত ৰত্ন বঁটা প্ৰাপক টেঙাখাত তামুলিখাত গাঁৱৰ নিবাসী গোপীনাথ গগৈৰ আদ্যশ্ৰাদ্ধৰ লগত সংগতি ৰাখি তামুলিখাতস্থিত নিজা বাসগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়৷ টেঙাখাত শাখা সাহিত্য সভাৰ(Dibrugarh Tengakhat News) সভাপতি দূৰ্গা বৰগোহাঁইয়ে আঁত ধৰা স্মৃতিচাৰণ সভাৰ সভাপতিত্ব কৰে দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা টেঙাখাত জেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰভাত ফুকনে৷ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াতগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেওঁৰ জেষ্ঠ্য পুত্ৰ নৱ কুমাৰ গগৈয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পাছতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ প্ৰতিনিধিৰ লগতে পৰিয়ালৰ লোকে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰয়াত গৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷
অনুষ্ঠানত মৃতকৰ আত্মাৰ সদগতি কামনা কৰি উপস্থিত ৰাইজে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে৷ ইয়াৰ পাছতে তেওঁৰ জীৱনকালৰ স্মৃতি সুঁৱৰণ কৰি বিভিন্নজনৰ লিখিত ৰূপ প্ৰকাশ কৰি ডেইজী গগৈৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “জীৱন সৌৰভ” শীৰ্ষক এখনি স্মাৰকগ্ৰন্থ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ গুণেশ্বৰ সোনোৱালে৷ ইয়াৰ পাছতে প্ৰয়াত গগৈৰ কৰ্ম তথা সমাজ জীৱনৰ লগত সংপৃক্ত হৈ থকা কৰ্মৰাজি সুঁৱৰি স্মৃতি আলোকপাত কৰে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য মোহন সোনোৱাল, টেঙাখাত জেষ্ঠ্য নাগৰিক সন্মিলনৰ সভাপতি দীনজীৱন গগৈ, সম্পাদক ভদ্ৰ গগৈ, টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য লক্ষ্মীনাথ শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষক তথা টেঙাখাত শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কাৰ্তিক হাজৰিকা, বিশিষ্ট লেখিকা তথা প্ৰয়াতগৰাকীৰ ভগ্নী ফুলনী ফুকন, স্মাৰকগ্ৰন্থৰ সভাপতি ৰূপলাল গগৈ আৰু গাৱঁৰ ভকত সমাজ মেধি সুৰজ গগৈয়ে৷ লগতে প্ৰয়াতগৰাকীৰ জেষ্ঠ্য পুত্ৰ নৱ কুমাৰ গগৈ আৰু কনিষ্ঠ পুত্ৰ স্বৰ্গজ্যোতি গগৈয়ে পৰিয়ালবৰ্গ হৈ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷
লগতে এই অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক যতীন সোনোৱাল, দিৰিয়াল আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ পলাশজ্যোতি শৰ্মা, টেঙাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱ ওজা, সমাজকৰ্মী হিতেশ্বৰ গগৈ, মানিক ফুকন, শৰৎ গগৈ, টেঙাখাত শাখা সাহিত্য সভাৰ সম্পাদক আলোক তামুলী, সংবাদকৰ্মী ৰূপম গগৈ, ব্ৰজেন গগৈ, সদৌ অসম কবি সাহিত্য চক্ৰৰ সাধাৰণ সম্পাদক নৱজ্যোতি গগৈৰ লগতে বহু ভকত বৈষ্ণৱ, গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে৷