Breaking

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ পাহাৰী বৰিয়ে

0 2,019

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত অসম তথা ভাৰতলৈ সুনাম কঢ়িয়াই আনিলে ডিব্ৰুগড়ৰ পাহাৰী বৰিয়ে। লকডাউনৰ সময়ত ক’ভিড পৰিস্থিতিক লৈ নিৰ্মাণ কৰা ‘নিয়তি’ শীৰ্ষক ছুটি ছৱিখনৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ‘ইণ্ডো ফ্ৰেঞ্চ ইন্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত অনলাইনযোগে অংশ লৈছিল পাহাৰীয়ে অভিনয় কৰা ‘নিয়তি’ ছুটি ছৱিখনে। বিশ্বৰ কেইবাখনো দেশে অংশ লৈছিল এই চলচ্চিত্ৰ মহোৎসৱত। ডিব্ৰুগড়ৰ লক্ষীনগৰৰ হৰেশ্বৰ বৰি আৰু দীপামনি বৰিৰ কন্যা পাহাৰী ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী। এক সংস্কৃতিৱান পৰিয়ালত ডাঙৰ-দীঘল হোৱা পাহাৰীয়ে ইতিমধ্যে কেইবাটাও ক’ভাৰ ভিডিঅ’ আৰু গীতত কন্ঠদান কৰিছে। কোনোধৰণৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা নথকা পাহাৰীয়ে জ্যেষ্ঠ ভাতৃ মিগম বৰিয়ে ঘৰতে স্থাপন কৰা ষ্টুডিঅ’ত সংগীতৰ অনুশীলন কৰি আহিছে। ডিব্ৰুগড়ৰ গজেন পাংগিঙৰ প্ৰযোজনাত নিৰ্মিত ছুটি ছৱিখনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মান লাভ কৰাৰ খবৰে স্বাভাৱিকতে সাংস্কৃতিক মহলক উৎফুল্লিত কৰিছে।

Leave A Reply

Your email address will not be published.