গুৱাহাটী, ৩০ অক্টোবৰঃ (Dighalipukhuri)বোধহয়,গছ, অৰণ্য অথবা পৰিৱেশৰ অন্য উপাদানৰ ওচৰত আমি কি ধৰণেৰে ঋণী,সেই কথা আজিৰ সচেতন পাঠকৰ আগত দোহৰাৰ অলপো প্ৰয়োজন নাই| শেহতীয়াকৈ সংবাদ মাধ্যমৰ জৰিয়তে খবৰ এটা পৰিলক্ষিত হৈছিল যে ফ্লাই অভাৰ নিৰ্মাণৰ বাবে দীঘলী পুখুৰীৰ পাৰৰ কেইজোপামান ঐতিহ্য বহনকাৰী বৃক্ষ কাটি পেলোৱা হ’ব। (Dighalipukhuri)
দীঘলী পুখুৰী কি? ক’ত ? কিয় বিখ্যাত ? তাৰ ব্যাখ্যা নিশ্চয় আপোনাসৱৰ আগত নতুনকৈ দাঙি নধৰিলেও হ’ব।
ৰাজ্যখনৰ প্ৰথমশাৰীৰ দুটা উচ্চশিক্ষাৰ অনুষ্ঠান ওচৰত সদাউন্নত শিৰেৰে বহু স্মৃতি বহন কৰি থকা অম্লজানদায়িনী গছ কেইজোপা নাইকীয়া হৈ যাব বুলি ওলোৱা খবৰটোৱে সচেতন সকলক উদ্বেগজনকভাৱে বিব্ৰত কৰি তোলাটো স্বাভাৱিক কথা| তাৰ বিৰোধত তৎক্ষণাত সামাজিক মাধ্যমত গঢ়ি উঠিল এক অভিলেখ সৃষ্টিকাৰী জনমত| যাৰ জোৱাৰ এতিয়াও অব্যাহত| ভাল লগা কথাটো হ’ল, প্ৰতিবাদৰ ক্ষেত্ৰত মানুহৰ ব্যস্ততা, ভৌগোলিক দূৰত্বকে মুখ্য কৰি বিভিন্ন প্ৰতিকূলতা থকাৰ সত্বেও বিৰোধৰ অৰ্থে বিদুৎক্ষিপ্ৰ গতিত সৃষ্টি হোৱা বিশাল জনমত| এই বিশাল জনমত দেখি, ভৱিষ্যত অসমৰ এখন উদীপ্ত ছবি মননত ক্ৰমাৎ স্পষ্ট হৈ উঠিছে| কিয়নো যি মাটি বা মাতৃৰ জাগ্ৰত সন্তানৰ সংখ্যা অধিক, সেই আইৰ আগত থিয় হ’ব খোজা দুৰ্যোগ-বিপত্তি দূৰতে বিদূৰ হৈ ৰয়| সুবিশাল সমদল, একেৰাহে বহুদিন ৰাজপথত জোৰদাৰ প্ৰতিবাদ নকৰাকৈয়ে কেনেকৈ পৰিশীলিতভাৱে ফলপ্ৰসূ প্ৰতিবাদ সাব্যস্ত কৰিব পৰা যায়, অসমীয়াই সেয়া গ্লবেলি দ্বিতীয়বাৰৰ বাবে কৰি দেখুৱালে।
(প্ৰথম বাৰ কভিড কালত প্ৰতিবাদৰ বাবে ৰাস্তালৈ নোলোৱাকৈ দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাবে নেচনেল বৰ্ড ফ’ৰ ৱাইল্ড লাইফে অনুমোদন জনোৱাৰ সময়ত অনুৰূপ জনমত গঢ়ি উঠিছিল)
মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টোৰ গুৰুত্ব সহৃদয়তাৰে অনুভৱ কৰি, ইতিহাস সৃষ্টিকাৰী জনতাৰ দৃঢ় জনমতৰ প্ৰতি সন্মান জ্ঞাপন কৰি
জনতাক আশ্বস্ত কৰিবলৈ সামাজিক মাধ্যমত জনালে যে তেখেতসকলৰ চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত তেখেতসকলে আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছে৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ সকলো অংশীদাৰক আহ্বান কৰিলে।
তেখেতে যেনেকৈ কয় তেনেকৈ কথা ৰাখে।
কভিড কালত আমি সকলোৱে প্ৰত্যক্ষ কৰিছিলোঁ
কিদৰে তেখেতে কভিডক পৰাজয় কৰাই আমাক তাৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ দিন, ৰাতি নিৰন্তৰ অক্লান্ত ভাৱে সন্মুখৰ পৰা যুঁজিছিল।
ৰাজ্যবাসীৰ মনোবল ভাঙিব নিদিয়াকৈ অভয় কৰি ৰাখিছিল।
সেই বিশ্বাসেৰে পুনৰ তেখেতৰ কথাত আমি আশ্বাসিত হলোঁ- গছবোৰৰ ক্ষতি নোহোৱাকৈয়ে আমাৰ চহৰৰ উন্নয়ন হ’ব।
তাৎক্ষণিক বিপুল-বিৰোধৰ প্ৰতিক্ৰিয়ায়ে যে প্ৰথমতেই সঁহাৰি পাইছে, সেয়াই এই বিষয়ৰ বাহিৰেও অন্য বিভিন্ন উপলক্ষৰ হেতু যোগাত্মক কিম্বা আশাব্যঞ্জক কথা| এই জোৱাৰ স্তিমিত নহওক|
গছবোৰৰ লগতে তাৰ লগত সহবাস কৰা তৰু, তৃণ পতংগ সমূহ কুশলে থাকক|
নিৰ্যাতিত হ’বলৈ ওলোৱা
নিমাত বৃক্ষ, তৰু-তৃণে কৰিব লগা প্ৰতিবাদৰ ভাষা সংবেদনশীল উশাহ গ্ৰহণ কৰোতাই বিনম্ৰ-বলিষ্ঠ কন্ঠেৰে সামাজিক মাধ্যমত প্ৰকাশ কৰা দেখি, হৃদয় ভৰি উঠিল| লগতে হৃদয় ভৰি উঠিল ওৰে ৰাতি ছাত্ৰ সমাজে গছ বোৰ ৰখি থকা দৃশ্য বাতৰিত দেখি, একাধিকদিন ৰাজপথলৈ ওলাই অহা সচেতন যুৱ শক্তি আৰু জ্যেষ্ঠ সকলৰ প্ৰতিবাদৰ পৰিশীলিত ৰূপ দেখি।
আজিৰ মানুহে অন্ততঃ উশাহৰ ধাৰ সুজিবলৈ শিকিছে| এই কথা ঠিক, প্ৰকৃতিৰ কন্ঠ আমিয়েই হৈ থাকিব লাগিব কিয়নো আমি ইয়াৰ অন্যতম শ্ৰেষ্ঠ সৰৱ অংশ।