Breaking

ধুবুৰীত জিলা ভিত্তিত ডিজিটেল মিডিয়া এচোছিয়েচন গঠন…

0 123

ধুবুৰী জিলাৰ ভিন্ন প্ৰান্তৰ ডিজিটেল মিডিয়াৰ প্ৰায় অৰ্ধ শতাধিক সাংবাদিক তথা সংবাদ কৰ্মীসকলৰ  উপস্থিতিত ধুবুৰী জিলা ভিত্তিত ডিজিটেল মিডিয়া এচোছিয়েচন গঠন কৰা হয়।ধুবুৰী জিলাৰ ঐতিহাসিক গৌৰীপুৰ চহৰত অৱস্থিত পি চি ইনষ্টিটিউশ্যন বিদ্যালয় প্ৰাঙ্গনত, ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ডিজিটেল মিডিয়াৰ প্ৰায় অৰ্ধ শতাধিক সাংবাদিক তথা সংবাদ কৰ্মী সকলৰ উপস্থিতিত, জিলাখনৰ জেষ্ঠ সাংবাদিক চৈয়দ নুৰুল আমিনক সভাপতি আৰু আজিজুৰ ৰহমানক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া বৃহৎ ও শক্তিশালী কমিটি গঠন কৰা হয়। 

সভাপতি আৰু সাধাৰণ সম্পাদক দুগৰাকীয়ে জানিবলৈ দিয়া মতে অনাগত দিনত এছোচিয়েশ্বনটো আৰু অধিক শক্তিশালি হিচাপে পৰিণত হব। যদি ডিজিটেল মিডিয়াৰ সংবাদকৰ্মী সকল এই এছোচিয়েশ্বনৰ লগত জৰিত হবলৈ ইচ্ছুক থাকে তেন্তে লিখিত ভাবে আবেদন কৰিব লাগিব তেতিয়াহে অন্তৰ্ভুক্ত কৰা হব। সমগ্ৰ ৰাজ্যৰ বাবে সু-খবৰ যে অলপ কেইদিনৰ ভিতৰত অসমৰ প্ৰতিখন জিলাত ডিজিটেল মিডিয়া এছোচিয়েশ্বনৰ জিলা ভিত্তিত কমিটি গঠন কৰা হব

Leave A Reply

Your email address will not be published.