Breaking

বিশ্বৰ লগতে শিৱসাগৰতো দিখৌপুৰীয়া যুৱ সন্মিলনে দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰিছে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিন

0 558

শিৱসাগৰৰ দৌলমুখ চাৰি আলিত দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ উদ্যোগত তথা শিৱসাগৰ প্ৰেছ ক্লাৱৰ সহযোগত ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি স্থলিত বৰণ্য শিল্পী গৰাকীৰ জন্মদিৱস উদযাপন কৰা হয়।এই উপলক্ষে পুৱাই ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তিত মাল্যপৰ্ণ তথা বন্তি প্ৰজ্বলন কৰে গঁড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত, জেষ্ঠ্য সাংবাদিক মনিৰুল ইছলাম বড়া, জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিটু বৰুৱাকে ধৰি বহুসংখ্যক অনুৰাগীয়ে।

অনুষ্ঠানত বক্তৃতা প্ৰদান কৰি ড° ভূপেন হাজৰিকা এগৰাকী প্ৰকৃত গণ শিল্পী, সমাজৰ পথ প্ৰদৰ্শক আছিল বুলি মন্তব্য কৰে ড° সব্যসাচী মহন্তই ।উল্লেখযোগ্য যে দিখৌপৰীয়া সন্মিলিত যুৱ সংঘই ১৯৯০ চনৰ পৰাই বছৰি উদযাপন কৰি আহিছে ড° ভূপেন হাজৰিকাৰ জন্ম দিন ।সন্ধ্যা বৰ্ণাঢ্য কাৰ্য্যসুচীৰে শিৱসাগৰ যুৱদ’লত অনুষ্ঠিত হব কথা গীতৰ ছন্দ নামেৰে এক সাংস্কৃতিক অনুষ্ঠান | যি অনুষ্ঠানত গীত পৰিবেশন কৰিব সংগীতা কাকতি , আশা শৰ্মা কাকতি , বিপুল কাথাৰ , কমল কাটকী , লগতে অডিঅ চিটি সাংস্কৃতিক গোষ্ঠীয়ে।

Leave A Reply

Your email address will not be published.