Breaking

DIKHOW RIVER NAZIRA : দিখৌত পৰি এজন ব্যক্তিৰ সলিল সমাধি…

20

নাজিৰা মহকুমাৰ ওপৰ নাজিৰাত দিখৌত পৰি এজন ব্যক্তিৰ সলিল সমাধি । গাওঁত নিশা মৃত্যু হোৱা এজন ব্যক্তিৰ অন্তিষ্টিক্রিয়া সম্পন্ন কৰি দিখৌনৈত সাতোঁৰি উভতি আহোঁতে অকাল মৃত্যুক সাৱটি ল’লে নাজিৰাৰ এজন ব্যক্তিয়ে । (DIKHOW RIVER NAZIRA )


আজি নাজিৰাৰ ১নং ৱাৰ্ডৰ নিবাসী ৰেৱকান্ত দাস উৰফে ভকত দাস নামৰ এজন ব্যক্তিৰ দিখৌনৈত সাঁতুৰি থকা অৱস্থাত হঠাতে নৈৰ বুকুত ডুব যায়। মৃত ব্যক্তি জনৰ বয়স প্ৰায় ৪৫ বছৰ বুলি জানিব পৰা গৈছে। মৃত ব্যক্তি জনৰ ঘৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ ওপৰ নাজিৰাৰ ১ নং ৱাৰ্ডত।

ঘটনাৰ খবৰ পাই উক্ত স্থানত নাজিৰা আৰক্ষীৰ লগতে SDRF বাহিনী ইতিমধ্যে উপস্থিত হৈছে।
বৰ্তমান সময়লৈকে ব্যক্তি জনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও উদ্ধাৰ কাৰ্য অব্যাহত আছে।

নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

লগতে পঢ়ক : Teacher’s indefinite class boycott : সমগ্ৰ অসমতে অনিৰ্দিষ্ট কাললৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী শিক্ষক – শিক্ষয়িত্ৰীৰ…

Comments are closed.