Dilip Saikia: কংগ্ৰেছ-এআইইউডিএফৰ বিধায়কৰ কাৰ্যক গৰিহণা দিলীপ শইকীয়াৰ

অসম বিধানসভাৰ আজিৰ দিনটো ইতিহাসত এক ক’লা অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব ৷ কোনোকালে নেদেখা এক অপ্ৰীতিকৰ পৰিস্থিতি সোমবাৰৰ পৱিত্ৰ অসম বিধানসভাত দেখা পোৱা গ’ল ৷(Dilip Saikia) এফালে বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ খিলঞ্জীয়া জনজাতীয় লোকৰ প্ৰতিনিধি ডাঃ নোমল মমিনক কংগ্ৰেছৰ পূৰ্ববংগীয় লোকৰ প্ৰতিনিধি বিধায়ক নুৰুল হুদাৰ দ্বাৰা কৰা আক্ৰমণ, আনহাতে পূৰ্ববংগীয় লোকক প্ৰতিনিধিত্ব কৰা দল এআইইউডিএফৰ বিধায়ক সকলে সদনলৈ বাহৰ জেওৰা লৈ কৰা সমদল ৷ এই মন্তব্য অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ।

শইকীয়াই এই দুয়োটা ঘটনা যথেষ্ট উদ্বেগৰ বিষয় বুলি উল্লেখ কৰি ভাৰতীয় জনতা পাৰ্টিয়ে এনে ঘটনাক সদায় নিন্দা আৰু ভৰ্ৎসনা কৰে ৷ সভাপতি শইকীয়াই পুনৰ কয় যে অসম বিধানসভাত পূৰ্ববংগীয় মূলৰ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ বিধায়ক সকলে প্ৰদৰ্শন কৰা এনে আচৰণে ভৱিষ্যতৰ অসমখনলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে ৷ কোনোকালে পূৰ্ববংগীয় লোকৰ এই আগ্ৰাসী মনোভাৱক মানি লোৱা নহব বুলিও সভাপতি শইকীয়াই দল দুটাক সতৰ্ক কৰি দিয়ে।

ৰাজ্যিক সভাপতি শইকীয়াই পুনৰ কয় যে অসমৰ জনতা আজি কংগ্ৰেছ-এআইইউডিএফৰ এইসকল বিধায়কৰ আগ্ৰাসী আচৰণত শংকিত। পৱিত্ৰ অসম বিধানসভাৰ ইতিহাসত সদনক কলংকিত কৰিব পৰা কাম এয়াই প্ৰথম , য’ত সন্মানীয় উপাধ্যক্ষক আক্ৰমণ কৰা হৈছে। য’ত এআইইউডিএফৰ বিধায়কে বাহৰ জেওৰা লৈ সদনত প্ৰবেশ কৰিবলৈ বিচাৰিছে। এটা বিশেষ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা তথা অসমৰ সামাজিক বাতাবৰণৰ সৈতে মিলিব নোৱাৰা কংগ্ৰেছৰ বিধায়কে আজি এজন খিলঞ্জীয়া জনজাতীয় ভূমিপুত্ৰৰ প্ৰতিনিধিক আক্ৰমণ কৰিবলৈ সাহস কৰাটোৱেই জাতিটোলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে ।

কংগ্ৰেছ দলৰ বিধায়কৰ এইধৰণৰ কু-কাৰ্যক ধিক্কাৰ দিবলৈও আমাৰ আজি ভাষাৰ অভাৱ। এই আক্ৰমণৰ ঘটনাৰ আমি উচিত তদন্ত বিচৰাৰ লগতে কংগ্ৰেছৰ আক্ৰমণকাৰী বিধায়ক নুৰুল হুদাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনালোঁ। আনহাতে এআইইউডিএফৰ বিধায়ক সকলে পৱিত্ৰ সদনত এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈও অসম বিধানসভাৰ অধ্যক্ষক সভাপতি দিলীপ শইকীয়াই আহ্বান জনায় ।

Related Articles