ৰেমালৰ প্ৰভাৱত ডিমা হাছাও জিলাৰ বিধ্বস্ত ৰূপ…

সমগ্ৰ ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগ সৃষ্টিকাৰী ৰেমালৰ প্ৰভাৱ অব্যাহত থকাৰ সময়তে ডিমা হাছাও জিলাতো প্ৰকৃতিৰ ধ্বংসলীলাত জনজীৱন ব্যাহত হোৱা পৰিলক্ষিত হৈছে। ৰেমালৰ ৰোষত পৰা পাহাৰীয়া জিলাখনৰ বিভিন্ন স্থানত সোমবাৰে অহা ঘূৰ্ণী বতাহৰ ফলত বিস্তৰ ক্ষয়-ক্ষতিৰ বাতৰি পোৱা গৈছে। উল্লেখযোগ্য যে জিলাখনৰ কাউন্সিল কলনিত থকা এটা বি এছ এন এল টাৱাৰ প্ৰচণ্ড ধুমুহাৰ ফলত বেকা হৈ পৰে। ইয়াৰ ফলত ১০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাৰ সকলো পৰিয়ালক সেই স্থানৰ পৰা আঁতৰোৱা হৈছে বুলি হাফলং আৰক্ষী থানাৰ জৰিয়তে জানিব পৰা গৈছে।

ইফালে উক্ত ৰেলৰ ফলত জিলাখনৰ হাফলঙৰ একাধিক স্থানত প্ৰকাণ্ড গছ উভালি পৰাৰ ফলত বিস্তৰ ক্ষতি সাধন হয়। ইয়াৰ উপৰিও বহু ঠাইত বিদ্যুতৰ খুঁটা আৰু পৰিবাহী তাঁৰ চিগি যোৱাৰ ফলত সমগ্ৰ জিলাত বিদ্যুৎ যোগান ব্যাহত হৈ পৰে।  ইপিনে সোমবাৰে পৰা নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ ফলত কপিলী নদীৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰে। এনে পৰিপ্ৰেক্ষিতত নীপকো জলবিদ্যুৎ প্ৰকল্পৰ কৰ্তৃপক্ষই নদীবান্ধৰ শ্লুইচ গেট খুলি দিবলৈ বাধ্য হয়। প্ৰাপ্ত তথ্য অনুসৰি জলবিদ্যুৎ প্ৰকল্পৰ খাংদং নদীবান্ধৰ মুঠ ৭খন শ্লুইচ গ্যেট খুলি 900 cumec (approx) পানী এৰি দিয়া হয়। উক্ত খবৰ বিয়পি পৰাৰ লগে লগে কপিলী নদীৰ দাঁতি কাষৰীয়া ৰাইজ সষ্টম হৈ পৰে। ইফালে ৰেমলৰ ভয়াবহ পৰিস্থিতি তথা বেয়া বতৰৰ বাবে ৰে’ল কৰ্তৃপক্ষই বহু কেইখন ৰেলৰ যাতায়ত বাতিল কৰিবলৈ বাধ্য হয়। আনহাতে ডিমৰু নোলাৰ বাঢ়নী পানীয়ে হাফলঙৰ একাংশ পথ উটুৱাই লৈ যোৱাৰ ফলত মঙ্গলবাৰৰ পুৱাৰ পৰা হাফলং-শিলচৰ পথৰ যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।

Related Articles