ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত দুটা স্হানত কালি নিশাৰ ভাগত ডিমৌ আৰক্ষীয়ে চলোৱা গোপন অভিযানত দুই গভাইত চোৰ গ্ৰেপ্তাৰ কৰি ডিমৌ থানালৈ লৈ আনে। ডিমৌ আৰু দাঁতিকাষৰীয়া বিভিন্ন স্থানত সঘনাই পানী মটৰ , চাইকেল, ডিমৌ কেন্দ্রীয় বজাৰৰ দোকানৰ তলা ভাঙী চুৰি কৰাৰ লগতে মটৰ চাইকেল চুৰি কৰিও সন্ত্রাস সৃষ্টি কৰি আৰক্ষী আৰু জনসাধাৰণৰ নিদ্রা হৰণ কৰি অহা দুই গভাইত চোৰ ক্ৰমে হৈছে দিচাং দিৰৈৰ প্ৰদীপ মুণ্ডা আৰু ৰিংকু আহমেদ শইকীয়া। প্ৰদীপ মুণ্ডাই মটৰচাইকেল চুৰি কৰি আটক হোৱাৰ লগতে ৰিংকু আহমেদ শইকীয়া নামৰ চোৰটোৱে চাইকেল চুৰ কৰি আটকাধীন হবলগীয়া হয়।
ডিমৌ আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি এই দুটা চোৰৰ অন্যতম মটৰ চাইকেল চোৰ প্ৰদীপ মুণ্ডাক থাওৰা দ’লত আত্মগোপন কৰি থকা পৰা আটক কৰে আৰু ৰিংকু আহমেদ শইকীয়াক দিহাজানৰ পৰা আটক কৰে। যোৱা নিশা আটক কৰা দুয়োটা গভাইত চোৰৰ বিৰুদ্ধে পঞ্জীয়ন হৈ থকা গোচৰৰ ভিত্তিত ডিমৌ আৰক্ষী গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।