Dimbeswar Gogoi: আহোম জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মাতৃ পূণ্যকান্তি গগৈ আদ্যশ্রাদ্ধত লোকে লোকাৰণ্য বাসগৃহ

তাই আহোম জনগোষ্ঠীৰ প্ৰথম গৰাকী জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ তথা দৈনিক জনমভূমি কাকতৰ সাপেখাতীৰ জেষ্ঠ্য সাংবাদিক কেশৱ গগৈৰ মাতৃ পূণ্যকান্তি গগৈ যোৱা ২৬ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৫-৫০ বজাত নিজা বাসগৃহত পৰলোক প্ৰাপ্তি হয়।(Dimbeswar Gogoi) আজি শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মাতৃ পূণ্যকান্তি গগৈৰ আদ্যৰ্শ্ৰাদ্ধত উপলক্ষে এখনি স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়।

পুৱা পুণ্যকান্তি গগৈৰ প্ৰতিচ্ছবিত মাল্ল অৰ্পণ , বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তপন কুমাৰ গগৈয়ে। ইয়াৰ পাছতে স্মৃতি গ্ৰন্থ নাঙ পেন-ঞা নামেৰে নামাকৰণ কৰা গ্ৰন্থ খনি উন্মোচন কৰে আপকু কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰধান শৰৎ শেনচোৱাই। স্মৃতি চাৰণ সভা খনি আত ধৰে আটাছু প্ৰতিষ্ঠাপক সম্পাদক অৰুণ গগৈৰ লগতে স্মৃতি চাৰণ সভাত অঞ্চল টোৰ গণ্য মাণ্য ব্যক্তি য়ে  বাসগৃহ লোকে লোকাৰণ্য হৈ পৰা উপৰিও অঞ্চলটোৰ বিভিন্ন দল সংগঠনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Related Articles