Breaking

বাক্সাত প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি ৰূপায়ণত দূৰ্ণীতি। ধন নিদিলে হিতাধিকাৰীয়ে নাপায় ঘৰ, প্ৰতিটো ঘৰ আৱন্টনৰ নামত আঠশকৈ লোৱাৰ অভিযোগ

0 1,572

প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৱন্টনৰ নামত হিতাধিকাৰীৰ পৰা সংগ্ৰহ কৰি আহিছে ধন ৷ বাক্সা জিলাৰ জালাহ উন্নয়ন খণ্ডত সংঘটিত হৈছে এই ঘটনা ৷ জালাহ উন্নয়ন খণ্ডৰ অধীনৰ শিলবাৰী ভিচিডিচিৰ অধ্যক্ষ গৌতম দাসে উন্নয়ণ খণ্ডৰ জিপিচি ( গাঁও পঞ্চায়ত কোৰ্ডিনেটৰ) ধনজিৎ পাটগিৰীৰ সৈতে মিলি প্ৰতিটো ঘৰ আৱন্টনৰ নামত লৈছে আঠশ টকাকৈ ৷ টকা নিদিয়া সকলক ঘৰ দিয়া নাই তেওঁলোকে ৷ এই ব্যৱস্থাত সহায়কাৰী হিচাপে লৈছে ভোটেপোৱাবৰী গাঁৱৰ পৰা শিলবাৰী ভিচিডিচিলৈ মনোনীত সদস্য খনীন পাঠকে ৷ পিছে আঠশটকাকৈ দিয়াৰ পাছতো আজিলৈ প্ৰধান মন্ত্ৰীৰ ঘৰৰ মুখ দেখা নাই শিলবাৰী ভিচিডিচিৰ অন্তৰ্গত ভোটেপোৱাবৰী গাঁওৰ একাংশ হিতাধিকাৰীয়ে ৷ দিন হাজিৰা কৰা শ্ৰমিক বা বিশেষ ভাবে সক্ষম লোকো এই আঠশ টকাৰ বলী হৈছে ৷ কেবাজনী মহিলাই অৰুনোদয় আঁচনিৰ পৰা পোৱা টকাখিনি ঘৰ পোৱাৰ আশাত খনিন পাঠকৰ জৰিয়তে দিছে অধ্যক্ষ গৌতম দাসক পিছে টকা দিও ঘৰ পোৱা নাই হিতাধিকাৰীসকলে ৷ ইতিমধ্যে বাক্সা জিলা উপায়ুক্তক এই দুৰ্নীতি সন্দৰ্ভত এমাহ পূৰ্বে লিখিত ভাবে জনোৱা সত্বেও একো ফলপ্ৰসু ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷

ইফালে ঘটনা সন্দৰ্ভত শিলবাৰী ভিচিডিচিৰ অধ্যক্ষ গৌতম দাসে আঠশ টকাটো তেওঁলোকে নিয়ম মতে লোৱা বুলি কোৱাৰ লগতে ককলাবাৰী সমষ্টিৰ সকলো ভিচিডিচিতে প্ৰতিটো ঘৰৰ বাবদ আঠশ টকাকৈ লোৱা বুলি জনায় ৷ তেওঁ জিপিচি এ হে এই টকা সংগ্ৰহ কৰা বুলি প্ৰকাশ কৰে ৷

এতিয়া সকলো কথা জল জল পট পট ৷ জিলা উপায়ুক্তই বিষয়টো অনুসন্ধান নকৰাৰ আঁৰত কি ৷ শূন্য সহনশীলতাৰ কথা কোৱা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ ভূমিকা কি হব সেয়াহে লক্ষণীয় হব ৷

মুছলপুৰৰ পৰা চম্পক মেধিৰ প্ৰতিবেদন

Leave A Reply

Your email address will not be published.