Breaking

বশিষ্ঠৰ ঘটনাৰে জড়িত আৰক্ষীক নিলম্বনৰ নিৰ্দেশ ঃ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইট

0 19

বশিষ্ঠৰ ঘটনাৰে জড়িত আৰক্ষীক ডিজিপি জি পি সিঙে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে । ঘটনাৰ বিৱৰণী অনুসৰি গুৱাহাটীত মানসিক বিকাৰগ্ৰস্থ এজন লোকক আৰক্ষীৰ এটা দলে প্ৰহাৰ কৰিছিল । তাৰপিছতে নিজৰ এক্স হেণ্ডলৰ দ্বাৰা নিলম্বনৰ কথা উল্লেখ কৰিছে ডিজিপিগৰাকীয়ে । ইফালে সাধাৰণ লোকৰ ওপৰত চলা নিৰ্যাতন সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান ডিজিপিয়ে টুইট কৰে ।

আনহাতে গুৱাহাটী আৰু তিনিচুকীয়াত সংঘটিত ঘটনাৰে জড়িত সৈতে আৰক্ষী কৰ্মীক নিলম্বনৰ কথা প্ৰকাশ কৰে । তদুপৰি ঘটনাৰে জড়িত আৰক্ষীৰ ওপৰত আইনী আৰু বিভাগীয় ব্যৱস্থা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰা উপৰিও অসামৰিক লোকৰ ওপৰত চলা নিৰ্যাতন কেতিয়াও ক্ষমা কৰা নহ’ব বুলি টুইটত জনায় । আৰক্ষী হিচাপে আমি সকলো পৰিস্থিতিতে ধৰ্য-সংযম অটুট ৰাখিব লাগিব বুলি ডিজিপিয়ে নিজৰ এক্সহেণ্ডেলত প্ৰকাশ কৰে ।

Leave A Reply