Breaking

গুগল মেপ ব্যৱহাৰৰ বিলৈঃ

0 16

গুগল মেপ ব্যৱহাৰৰ বিলৈঃ

অচিনাকি স্থানলৈ যাত্ৰাৰ সময়ত বা কোনো অচিনাকি লক্ষ্যস্থান বিচৰাৰ সময়ত সাম্প্ৰতিক সময়ত প্ৰায় সকলোৰে সহযাত্ৰী হৈ পৰিছে গুগল মেপ। পিছে কেতিয়াবা এই প্ৰযুক্তিৰ সহায়ো উপকাৰতকৈ বিপদৰ আহিলাহে হৈ পৰিব পাৰে। তেনে এক কাৰ্যই ঘটিল দুগৰাকী যুৱকৰ সৈতে।

চিকিৎসালয়ৰ সন্ধান চলাই থকা এই যুৱক দুজনে চিকিৎসালয়ৰ পৰিৱৰ্তে সোমালে ভৰা নদীতহে।

অৱশ্যে সৌভাগ্যৱশতঃ সম্ভাৱ্য মৃত্যুৰ পৰা কোনোমতে প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয় যুৱক দুজন। এই ঘটনা সংঘটিত হৈছে কেৰালাত।

যুৱক দুজনে জানিবলৈ দিয়া মতে, তেওঁলোকে পুৱাৰ ভাগত চুবুৰীয়া ৰাজ্য কৰ্ণাটকৰ এখন চিকিৎসালয় অভিমুখে যাত্ৰা কৰিছিল আৰু লক্ষ্যস্থান বিচাৰি পোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে তেওঁলোকে গুগল মেপ ব্যৱহাৰ কৰি আগবাঢ়িছি।

গুগল মেপত তেওঁলোকক যাত্ৰাৰ বাবে এটা সৰু পথ দেখুওৱা হয় আৰু এই পথেৰেই তেওঁলোকে বাহনখন আগুৱাই নিয়ে।

কিন্তু অলপ দূৰ যোৱাৰ পিছতে তেওঁলোকে উমান পায় বিপদৰ। এই সন্দৰ্ভত দুই যুৱকৰে এগৰাকী আব্দুল ৰছিদ নামৰ যুৱকজনে জানিবলৈ দিয়া মতে বাহনখনৰ হেডলাইট ব্যৱহাৰ কৰি তেওঁলোকে সন্মুখত কিছু পানী থকা বুলি জানিব পাৰে। কিন্তু সন্মুখত যে এয়া এখন নদীহে আৰু বাহনৰ দুয়োকাষে যে নদীখন বৈ আছে, সেই বিষয়ে তেওঁলোকে অনুমান কৰিব পৰা নাছিল।

নদীখনৰ মাজত এখন দলং আছিল যদিও দলংখনত দুইকাষত কোনো বেৰা নাছিল। এই দলঙেৰেই আগবাঢ়িছিল তেওঁলোকৰ বাহন। হঠাতে বাহনখন এই দলংখনৰ পৰা নদীত পৰে আৰু নদীৰ সোঁতে উটুৱাই নিয়ে বাহনখন।

সৌভাগ্যৱশতঃ বাহনখন এজোপা গছত লাগি ধৰে। এই সুযোগতে দুয়ো যুৱক বাহনখনৰ পৰা নামি আহিবলৈ সক্ষম হয়।

Leave A Reply