Breaking

স্বাধীনতাৰ অমৃত মহোৎসৱত বঙাইগাঁও লোক নিৰ্মাণ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ আলোচনা চক্ৰ

0 1,534

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি উদযাপন কৰা হৈছে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ শীৰ্ষক কাৰ্যসূচী । ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃ গাঠনি উন্নয়ন সন্থাৰ নিৰ্দেশমৰ্মে উদযাপন কৰা এই ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ কাৰ্যসূচীৰ অধীনত আজি ( বুধবাৰে )  বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলে বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিয়লি ২ বজাৰ পৰা ‘ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, বঙাইগাঁও জিলাৰ গ্ৰাম্য অঞ্চলৰ বিকাশত প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনিৰ ( PMGSY) ভূমিকা’ শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰা হয়। এই আলোচনা চক্ৰৰ মূল উদ্দোশ্য হ’ল প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ অঁচনিৰ সবিশেষ ৰাইজক অৱগত কৰা আৰু এই সন্দৰ্ভত সজাগ কৰা ৷ আনহাতে এই আঁচনিৰ মূখ্য উদ্দেশ্য আছিল যে পাঁচ শতাধিক জনসংখ্যা থকা গাঁৱত সকলো সময়তে ব্যৱহাৰযোগ্য পথ নিৰ্মাণ কৰি মূল পথৰ সৈতে সংযোগ কৰা ৷ আলোচনা  চক্ৰখনৰ আৰম্ভণীতে কনিষ্ঠ অভিযন্তা জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনিৰ অধীনত পথ নিৰ্মাণত নতুন প্ৰযুক্তি সম্পৰ্কত এক ই-উপস্থাপন( Power Point Presentation) দাঙি ধৰে। তেওঁ কয় যে লাহে লাহে শিল,বালি আদি কমি অহা বাবে পথ নিৰ্মাণত আৱৰ্জনা প্লাষ্টিক, পেভাৰ ব্লক আদি ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। এই নতুন প্ৰযুক্তিৰ পথ নিৰ্মাণত খৰচো কম আৰু সময়ো কম লাগে।তদুপৰি মেৰামতিও কম কৰিলেই হয় ৷ পৰিৱেশ অনুকুল হয়, প্ৰদূষণ কমে আৰু বিটুমিন কম লাগে। আনহাতে আলোচনা চক্ৰত গ্ৰাম্য পথ বিভাগৰ অধীক্ষক অভিযন্তা পদ্মানন্দ চৌধুৰীয়ে পথ নিৰ্মাণত পেলনীয়া প্লাষ্টিক ব্যৱহাৰ প্ৰযুক্তি (Waste Plastic Technology) সন্দৰ্ভত আৰু কাৰ্যবাহী অভিযন্তা দ্বীপেন মেধিয়ে গ্ৰাম্য পথ নিৰ্মাণত চেল  ফিল্ড কংক্ৰিট পেভমেণ্ট (Cell Filled Concrete Pavement) ৰ বিষয়ে বক্তব্যত উল্লেখ কৰে। এই আধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা পথ সহজে নষ্ট নহয়, মেৰামতিৰ প্ৰয়োজন নাই আৰু পথত পানী জমা নহয়। চহৰ বা ৰাষ্ট্ৰীয় বা ৰাজ্যিক ঘাইপথ সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ নিৰ্মাণ হ’লে সৰ্বসাধাৰণ লোকৰ চহৰলৈ যোৱাৰ সুবিধা হয়, ছাত্ৰ-ছাত্ৰী স্কুল-কলেজলৈ যোৱাত সুবিধা হয়, গাঁৱৰ ৰাইজৰ প্ৰয়োজন সাপেক্ষে হাস্পতাললৈ যোৱাৰ সুবিধা হয়, কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠে বুলিও উল্লেখ কৰে। মুঠতে গ্ৰাম্য পথৰ নিৰ্মাণে ৰাজ্য তথা দেশৰ উন্নয়নত অৰিহণা যোগায়, সাধাৰণ ৰাইজৰ জীৱিকা নিৰ্বাহৰ মান উন্নত হয়। উল্লেখ্য যে প্ৰথমতে বিগত ২০০০ চনৰ ২৫ ডিচেম্বৰত যেতিয়া প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনি আৰম্ভ কৰা হৈছিল তেতিয়া অকল পথ নিৰ্মাণৰ কামহে অন্তৰ্ভুক্ত আছিল ৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পথৰ লগতে পকী দলং নিৰ্মাণৰ কামো অন্তৰ্ভুক্ত কৰা হয় এই আঁচনিৰ অধীনত। গ্ৰাম্য পথ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকায়ে আলোচনা চক্ৰখনত উল্লেখ কৰা মতে স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি ১২ জুলাইৰ পৰা ১৮জুলাইলৈ ৫টা পথৰ কাষে কাষে প্ৰায় ২০০০ গছপুলিও ৰোপন কৰা হয়। আলোচনা চক্ৰত  বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন, জিলা পৰিষদৰ সভাপতি বিজয় সিংহ, সমাজকৰ্মী নীৰেন দাস, বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অসীম কুমাৰ নাগ আদি ব্যক্তিসকলেও অংশগ্ৰহণ কৰে ৷ আলোচনা চক্ৰখনত বঙাইগাঁও জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সদস্য,আঞ্চলিক পঞ্চায়তৰ সদস্য,গাঁও-পঞ্চায়তৰ সভাপতি,সদস্য আদিও উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.