Breaking

ৰাহুল গান্ধীৰ বিবাহক লৈ আলোচনা। মদীনা গাঁৱৰ মহিলাসকলক কইনা বিচাৰিবলৈ ক’লে ছোনিয়া গান্ধিয়ে…

0 55


১৪ জুলাইত হাৰিয়ানাৰ বহু মহিলাই গান্ধী পৰিয়ালক লগ কৰিবলৈ দিল্লীলৈ আহিছিল। সেই বৈঠকত এগৰাকী মহিলাই ছোনিয়া গান্ধীক ৰাহুল গান্ধীৰ বিবাহৰ বিষয়ে সুধিছিল। জুন মাহত পাটনাত বিৰোধী দলৰ বৈঠকৰ পিছত লালু প্ৰসাদ যাদৱে ৰাহুল গান্ধীক কৈছিল যে আপুনি বিয়া পাতক। এনে ঘটনাৰ মাজতে জুলাই মাহৰ প্ৰথম সপ্তাহত ৰাহুল গান্ধীয়ে দিল্লীৰ পৰা শিমলালৈ গৈ হাৰিয়ানাৰ সোনেপাটত ৰৈ খেতি পথাৰত উপস্থিত হয়। ইয়াৰ পিছত এদল মহিলাই ছোনিয়া গান্ধীক লগ কৰিবলৈ দিল্লীলৈ যায়। যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোত ছোনিয়া গান্ধীয়ে মহিলাসকলৰ সৈতে কথা পাতে। ইয়াৰে এগৰাকীয়ে ৰাহুল গান্ধীৰ বিবাহৰ কথা কয়। ছোনিয়া গান্ধী সেই মহিলাগৰাকীকে ছোৱলী বিচাৰিবলৈ কয়। এই কথা শুনি সকলোৰে হাঁহি উঠে।


কেইগৰাকীৰমান অতি বিশেষ অতিথিৰ সৈতে মা, প্ৰিয়ংকা আৰু মোৰ বাবে এক স্মৰণীয় দিন! ৪৩ গৰাকী মহিলা তেওঁলোকৰ ঘৰত উপস্থিত হয়। কেৱল এয়াই নহয়, দিল্লীলৈ অহা মহিলাসকলক কেনে লাগিছে বুলিও ৰাহুল গান্ধীয়ে সুধিছিল। মহিলাসকলৰ সৈতে নৃত্যও কৰিছিল ছোনিয়া গান্ধীয়ে।​

Leave A Reply

Your email address will not be published.