Breaking

Distinguished Business Honours :কমল সৈন্যাসিক নবোদয়া মহিলা সমিতিৰ পৰা আগবঢ়োৱা হয় বিশিষ্ট ব্যৱসায়িক সন্মান

11

ওদালগুৰি জিলাৰ নলবাৰী নেপালী খুটিৰ লালি গোৰাছ প্ৰাঙ্গনত নবোদয়া মহিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বৰ ওলহ-মালহেৰে ৰবিবাৰে উৎযাপন হয় দ্বিতীয় বাৰ্ষিক তীজ সামাৰোহ।গোৰ্খা জনগোষ্ঠীয় মহিলা সকলৰ অতি আদৰৰ উৎসৱ তীজ। (Distinguished Business Honours ) গোৰ্খা সমাজত মহিলাৰ স্থান সকলোতকৈ উচ্চ।

ওদালগুৰি জিলাৰ নলবাৰী নেপালী খুটিৰ লালি গোৰাছ প্ৰাঙ্গনত নবোদয়া মহিলা সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে বৰ ওলহ-মালহেৰে ৰবিবাৰে উৎযাপন হয় দ্বিতীয় বাৰ্ষিক তীজ সামাৰোহ।গোৰ্খা জনগোষ্ঠীয় মহিলা সকলৰ অতি আদৰৰ উৎসৱ তীজ। (Distinguished Business Honours ) গোৰ্খা সমাজত মহিলাৰ স্থান সকলোতকৈ উচ্চ।গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত ভাবে চলি অহা এক লোক উৎসৱ হ’ল তীজ উৎসৱ।তীজ বিশেষ কৈ গোৰ্খা মহিলা সকলৰ ব্ৰতোৎসৱ। মহিলা সকলৰ বাবে অতি আদৰৰ উৎসৱ।

প্ৰতি বছৰে ভাদ্ৰ মাহৰ শুক্ল তৃতীয়ৰ দিনা এটুপি পানী পৰ্যন্ত মুখত নিদিয়াকৈ নিজ স্বামী আৰু দাম্পত্য জীৱনৰ সুখ, সমৃদ্ধি,মঙ্গল কামনা কৰি লগতে শ্ৰদ্ধা সহকাৰে “হৰিতালিকা ব্ৰত” ৰ কাহিনী শ্ৰৱন কৰে। ৰাতিপুৱা জন্মদাত্ৰী পিতৃ মাতৃয়ে নিজৰ জীয়াৰিক ভৰিত ধৰি সেৱা কৰাৰ লগতে নিজৰ ককায়েক ভায়েকে ও ভৰিত ধৰি সেৱা কৰে। ইয়াৰ অন্তত গোৰ্খা মহিলা সকলে উপবাসে থাকি নৃত্য গীত কৰি ভক্তি সহকাৰে নেপালী খুটিৰ বিশাল শিৱ মন্দিৰত শিৱ পাৰ্বতীৰ পূজা কৰে।এক কথাত এই উৎসৱৰ সৈতে জড়িত হৈ আছে আধ্যাত্মিক আৰু সমাজিক ভাৱনা (spiritual)।তীজ উৎসৱৰ লগত সঙ্গতি ৰাখি দেওবাৰে আবেলি ওদালগুৰি জিলাৰ নলবাৰী নেপালী খুটিৰ ৰঙ্গমঞ্চত অনুষ্ঠিত হয় এক বিশাল মুকলি সভা।

সভাত গোৰ্খা ছাত্ৰ সন্থাৰ (All Assam Gorkha Students Union ) বিভিন্ন জিলা সমিতিৰ বিষয়ববীয়াৰ,আঞ্চলিক পৰ্যায়ৰ গোৰ্খা ছাত্ৰ সংগঠনৰ বিভিন্ন নেতা,স্থানীয় গন্য মান্য ব্যক্তিৰ লগতে গোৰ্খা ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ সভাপতি ৰাম ছেত্ৰী,উপ-সভাপতি পুষ্প দাকাল, উপদেষ্টা মনোজ ৰায় উপস্থিত থাকি তীজ উৎসৱৰ আৰু গোৰ্খা জনগোষ্ঠীয় সংস্কৃতি ৰীতি-নীতি বিষয়ে বিষাদ ভাবে আলোচনা কৰে।মাজে মাজে অনুষ্ঠিত হয় গোৰ্খা জনগোষ্ঠীয় নৃত্য, গীত। নবোদয়া মহিলা সমিতিৰ মহিলা সকলে প্ৰস্তুত কৰে বিভিন্ন গোৰ্খা জনগোষ্ঠীয় খাদ্য সম্ভাৰ।

সভাত এই বছৰৰ বৃহত্তৰ ধনশ্ৰীঘাট,বৰঝাৰ,শিলবৰী অঞ্চলৰ বিশিষ্ট সফল ব্যৱসায়িক কমল সৈন্যাসিক নবোদয়া মহিলা সমিতিৰ পৰা এখন মানপত্ৰ,গোৰ্খা জনগোষ্ঠীয় টুপী,গামোচাৰে সন্মানিত কৰা হয়। সন্ধিয়া অনুষ্ঠিত হয় সংস্কৃতিক সন্ধিয়া। য’ত গোৰ্খা জনগোষ্ঠীয় (gurkha cultural dance) বিভিন্ন নৃত্য-গীত কলা সংস্কৃতি প্ৰদৰ্শন কৰা হয়।উক্ত অনুষ্ঠানত উপস্থিত থাকে নলবাৰী নবোদয়া মহিলা সমিতিৰ সভানেত্ৰী পদ্মা দেৱী সম্পাদিকা বীনা দেৱী,তীজ সামাৰোহৰ সম্পাদক কৃষ্ণ কাৰ্কী,দিপক সৈন্যাসি,গোপাল থাপা, সদস্যা কবিতা দেৱী, ইন্দিৰা দেৱী, শিক্ষয়িত্ৰী ইমা দেৱী আদি কৰি স্থানীয় সহস্ৰধিক ৰাইজ গন্য মান্য ব্যক্তি আৰু স্থানীয় ৰাইজ।

Published by: Jebin Sultana

Comments are closed.