Breaking

বিধায়কৰ উদ্যোগত খানামুখত বানাক্রান্ত পশুপালকৰ মাজত পশু খাদ্য বিতৰণ…

0 15

দীপৰ বিলৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত বিগত সপ্তাহলৈ প্ৰায় ১৫ দিন পৰ্যন্ত জলমগ্ন হৈছিল পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খানামুখৰ হাওৰাপাৰ, কেহেৰুবাৰীৰ বিস্তীৰ্ণ অঞ্চল।ফলত মানুহৰ লগতে গৰু-ছাগলী আদিৰ বাবে পশু খাদ্যৰ নাটনি হোৱাত পশুপালক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। বৰ্তমান পানী কিছু কমিলেও পশুৰ স্বাভাবিক ঘাঁহ-বন থকা অঞ্চল সমুহ এতিয়াও বোকা পানীৰে ভৰি আছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক অঞ্চলটো পৰিদৰ্শন কৰি বানাক্ৰান্ত পশুপালক সকলক সকাহ দিয়াৰ বাবে জিলা প্ৰশাসনৰ জৰিয়তে পশু খাদ্য বিতৰণ কৰাৰ বাবে নিৰ্দেশ দিছিল। বিধায়কৰ নিৰ্দেশ অনুসৰি চক্ৰ বিষয়াই লাট মণ্ডল আৰু ক্ষেত্ৰ বিষয়াৰ সৈতে খানামুখৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।

তাৰ পাছত ১৯ আৰু ২০ জুলাইত খানামুখৰ হাওৰাপাৰ আৰু কেহেৰুবাৰীত পশুপালক সকলৰ মাজত প্ৰায় ৪০০টাৰো অধিক গো-ধন বা গৰুক কেবাদিনলৈ খাব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ পশু খাদ্য বিতৰণ কৰা হয়। বিতৰণ কাৰ্যসূচীত স্থানীয় যুৱক সকলৰ উপৰিও অগপ আৰু বিজেপি দলৰ কৰ্মী সকলেও সহযোগিতা আগবঢ়াইছিল। ইফালে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই পশু খাদ্য বিতৰণ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ শলাগ লৈছে অঞ্চলটোৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংগঠন খানামুখ মিলন সংঘৰ কৰ্মকৰ্তা সকলৰ লগতে সকলো শ্ৰেণীৰ সচেতন লোকে। উল্লেখ্য যে অঞ্চলটো গুৱাহাটী মহানগৰীৰ অন্তৰ্ভূক্ত হলেও তাৰ বেছিভাগ বাসিন্দাই কৃষি-কৰ্ম আৰু গৰু-ছাগলী পালন কৰি পৰিয়াল ভৰণ-পোষণ দি আহিছে।

Leave A Reply

Your email address will not be published.