Breaking

লতাশিল খেল-পথাৰত ৰিভাৰ ৰাইন ক্ৰিকেট ক্ৰচিং চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালাৰ প্ৰমান পত্ৰ বিতৰণ…

0 30

ৰিভাৰ ৰাইন ক্ৰিকেট ক্ৰচিং চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালাৰ সফল সামৰণি পৰিল। গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালাৰ সামৰণিৰ অন্তত প্ৰশিৰ্ক্ষাথীসকলক বিতৰণৰ কৰা হয় প্ৰমান পত্ৰ।

জুলাই মাহৰ গৰমৰ বন্ধ উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছিল গ্ৰীষ্মকালিন কৰ্মশালা। সমান্তৰালকৈ গুৱাহাটীৰ লতাশিল খেল-পথাৰতো ৰিভাৰ ৰাইন ক্ৰিকেট ক্ৰচিং চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰীষ্মকালিন ক্ৰিকেট কৰ্মশালা।

এই কৰ্মশালা দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল। বহু প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল এই কৰ্মশালাখনিত। এই গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ কোচিং ইন-চাৰ্জ সহ চিইঅ’ হৈছে মহম্মদ কাছিম আলী। আনহতে মুখ্য কো’ৰ্চাৰ হৈছে সুমিত নাগ।

আন আন কো’ৰ্চাসকল হৈছে মহম্মদ পাৰ্ভেজ আলি, ধীৰাজ কুমাৰ দাস, প্ৰিতাম্বৰ জুচি, লক্ষ্মণ চৌধুৰী। আনহাতে মহিলা কো’ৰ্চা আছিল গোপী দে।

আজি কৰ্মশালাখনিৰ প্ৰমাণ পত্ৰ বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছ’চাইটিৰ হৈ শংকৰ গোহাঁই, ৰঞ্জিত কুমাৰ শৰ্মা, সুমিত নাগ, ধীৰাজ দাস, প্ৰিতাম্বৰ জুচি, উৎপল চৌধুৰী, লক্ষ্মণ চৌধুৰী, পাৰভেজ আলি, গোপী দে, কাছিম আলী।

উপস্থিত আটাইকেইজন ব্যক্তিক একোখন ফুলাম গামোচাৰে জনোৱা হয় সম্বৰ্ধনা। লগতে উপস্থিত থাকে গ্ৰাউণ্ড ষ্টাৰ্ফ বিনোদ ৰাজবংশী আৰু ধনজিৎ মেধী। আনহাতে প্ৰমান পত্ৰ লাভ কৰে প্ৰশিক্ষাৰ্থীসকল হৈছে সান্দীপন অধিকাৰী, দেৱ শংকৰ গোহাঁই, ৰাজীৱ চৌধুৰী,কাবেৰীমা মেধীকে আদি কৰি বহু প্ৰশিক্ষাৰ্থীক প্ৰদান কৰে প্ৰমান পত্ৰ।

Leave A Reply

Your email address will not be published.