বিগত ৮ ছেপ্টেম্বৰত সংঘটিত নিমাতীঘাটৰ দুৰ্ভাগ্যজনক নাও দুৰ্ঘটনাত অকাল মৃত্যুক আকোৱালি লৈছিল ৩ গৰাকীকৈ লোকে। দুৰ্ঘটনাটোত নি:স্বাৰ্থভাৱে পীড়িতসকলক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰাসকলৰ সাহসিকতাক বৃহস্পতিবাৰে অভিবাদন জনাই মূখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই। কৃতজ্ঞতাৰ চিনস্বৰূপে মাজুলীত এনে ৫০গৰাকী সাহসী লোকক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে মূখ্যমন্ত্ৰীয়ে । তেখেতসকলৰ সাহসিকতাই মানৱতাৰ বাবে কাম কৰি যাবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি মন্তব্য কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে ।ইয়াৰ লগতে মাজুলীৰ ৫৯খন ৰাস মহোৎসৱ আয়োজক সমিতিক ৫০,০০০ টকাৰ বিত্তীয় সাহায্য বিতৰণ কৰে। অহা বছৰৰ পৰা মাজুলীৰ ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি ঘোষণা মূখ্যমন্ত্ৰীৰ । অনুষ্ঠানটোত সতীৰ্থ মন্ত্ৰীদ্বয় শ্ৰীবিমল বৰা, শ্ৰীপীযুষ হাজৰিকা, মাননীয় সাংসদ শ্ৰীপ্ৰদান বৰুৱাও উপস্থিত আছিল।
নিশাটো মাজুলিতে থাকিব মূখ্যমন্ত্ৰী ।বালিজকাইবোৱা গাঁৱৰ প্ৰণৱ পায়েঙৰ ঘৰত নিশা কটাব মূখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই। উত্তৰ কমলাবাৰী সত্ৰত অনুস্থিত ৰাস মহোৎসৱ উদ্বোধণ কৰিব মূখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই।