দক্ষিণ পকোৱা গাঁও পঞ্চায়তত ৰেচন কাৰ্ড নথকা হিতাধিকাৰীক বিনামূলীয়া চাউল বিতৰণ ।

নলবাৰী : লকডাউনৰ সময়চোৱাত বিভিন্ন স্তৰৰ মানুহ এতিয়া বিভিন্ন সমস্যা, অভাৱ তথা খাদ্য সংকটতত ভুগিছে। তেনে সময়তে চৰকাৰে ৰেচন কাৰ্ড থকা হিতাধিকাৰী সকলৰ লগতে ৰেচন কাৰ্ড নথকা ৰাইজকো চাউল যোগান ধৰাত পৰিলক্ষিত হৈছে। সেইমৰ্মে আজি ৩০(২) দক্ষিণ পকোৱা গাঁও পঞ্চায়ত জাগাৰাত ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত ৰেচন কাৰ্ড নথকা হিতাধিকাৰী সকলৰ পৰিয়ালত থকা এজন লোকৰ অনুসৰি ৫ কেজিকৈ বিনামূলীয়া চাউল বিতৰণ কৰা হয়। যদিও কিছু কিছু ঠাইত এই আঁচনিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে তেনে সময়তে ৩০(২) দক্ষিণ পকোৱা গাঁও পঞ্চায়তত কোনো ধৰণৰ দুৰ্নীতি সংঘটিত নোহোৱাকৈ বিনামূলীয়াকৈ চৰকাৰে সাহাৰ্য্যৰ বাবে বিতৰণ কৰা চাউল লাভ কৰা বুলি ৰাইজে মন্তব্য কৰে। উল্লেখ্য যে ইয়াৰ আগতে ও পঞ্চায়তখনত ভিতৰত ৰেচন কাৰ্ড নথকা হিতাধিকাৰী সকলক সামৰি লৈ এই আঁচনিৰ বিনামূলীয়া চাউল বিগত লক ডাউনৰ সময়চোৱাত এবাৰ বিতৰণ কৰা হৈছে।

Related Articles